DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ ৰাজ্যপালক মুকুল চাংমাৰ পদত্যাগপত্ৰ : এন পি পিৰ নেতৃত্বত অকংগ্ৰেছী চৰকাৰৰ সম্ভাৱনাৰ কথা ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 5:48 pm
Meghalaya assembly speaker, former CM Donkupar Roy no more

দনকুপাৰ ৰয়। ফাইল ছবি।

84
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত নিৰ্বাচনত এটাও দলেই প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নোপোৱাৰ ফলত মেঘালয়ত নতুন চৰকাৰ গঠনৰ ছবিখন এতিয়াও স্পষ্ট হৈ উঠা নাই। কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱা সত্ত্বেও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যক বিধায়ক তেওঁলোকৰো নাই।

আনহাতে কনৰাড চাংমাৰ নেতৃত্বৰ এন পি পিয়ে পায় ১৯খন। খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত বিজেপিও ২খন আসন লাভ কৰিবলৈ সক্ষম হয়।

লক্ষণীয় কথাটো হ’ল মাত্ৰ ২খন আসন পালেও ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে ৰাজ্যখনত এখন অকংগ্ৰেছী চৰকাৰ গঠনৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

এটা সূত্ৰই জনোৱা মতে অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যখনত অৱস্থান গ্ৰহণ কৰি ইয়াৰ বাবে কৌশল ৰচনাত ব্যস্ত আছে। সূত্ৰটোৱে জনোৱা মতে, মেঘালয়ত এন পি পিৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।

য়ু ডি পি (য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টী) আৰু পি ডি পি (হিল ষ্টেইট পীপল ডেম’ক্ৰেটিক পাৰ্টী)-এ এন পি পি-বিজেপিৰ নেতৃত্বৰ জোঁটবন্ধনলৈ সমৰ্থন আগ বঢ়াবলৈ সন্মত হৈছে বুলি সূত্ৰটোৱে দাবী কৰিছে। দুয়োটা দলৰ আসনৰ সংখ্যা হ’ল ক্ৰমে ৬ আৰু ২। এই দুটা দলে প্ৰাক নিৰ্বাচনী মিত্ৰতাত বান্ধ খাই আছে। গতিকে দুয়োটা দলে সমৰ্থন দিলে কংগ্ৰেছ অথবা বিজেপি যিকোনো এটা দলেই চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যাটো (৩০ জন বিধায়ক)ৰ কাষ চপাত সহজ হ’ব।

তেনেস্থলত যিকোনো এজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন পালেই চৰকাৰ গঠন কৰিব পাৰিব উক্ত দলটোৱে। গতিকে এতিয়া য়ু ডি পি আৰু পি ডি পিৰ জোঁটটো হৈ পৰিছে কিংমেকাৰ স্বৰূপ।

এটা বিশেষ সূত্ৰই জনোৱা মতে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কিৰেন ৰিজিজুৱে ৬জনকৈ বিধায়ক থকা য়ু ডি পিৰ সভাপতি ডংকুপাৰ ৰয়ৰ সৈতে ধাৰাবাহিক আলোচনাত মিলিত হৈছে।

‘বিজেপিয়ে এখন অকংগ্ৰেছী চৰকাৰক সমৰ্থন দিব, এই বাৰ্তা দিবলৈ আমি ডংকুপাৰ ৰয়ৰ ওচৰলৈ আহিছো।’– এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে।

আনহাতে তেওঁ বিজেপিয়ে হৰ্ছ ট্ৰেডিং নকৰে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। কিন্তু এখন অকংগ্ৰেছী চৰকাৰ গঠন হোৱাটো বিচাৰে আৰু ইয়াৰ বাবে সকলো আঞ্চলিক দল আগবাঢ়ি আহিবলৈ কয় কেন্দ্ৰীয় মন্ত্ৰীজনে।

আনহাতে বিজেপিৰ লগতে ডংকুপাৰ ৰয়ৰ সৈতে কংগ্ৰেছেও আলোচনা কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে ‘কনৰাড চাংমা মেঘালয়ৰ মুখ্য মন্ত্ৰী হোৱাৰ পথত’ বুলি এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। তেওঁ লগতে কৈছে যে য়ু ডি পিৰ ড0 ডনকুপাৰ ৰয় উপ–মুখ্যমন্ত্ৰী হ’ব। তেওঁৰ মতে এন পি পিৰ নেতৃত্বত দলকেইটাই ৫ বজাত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা।

শেহতীয়া বাতৰি অনুসৰি  য়ু ডি পিৰ ড0 ডনকুপাৰ ৰয়ে এন পি পিলৈ সমৰ্থন আগ বঢ়াইছে।

আনহাতে আজি মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই অলপ আগেয়ে নিজৰ পদত্যাগপত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰিছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd