• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰণফাণ্ডত পৰিণত হস্তী কৰিডৰ : ১০ বছৰত ১৩টা হাতীয়ে প্ৰাণ হেৰুৱালে গুৱাহাটীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 15, 2018 2:41 pm

2 min read

elephent pic
88
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বিভিন্ন কাৰণত সঘনাই বনৰীয়া হাতীৰ মৃত্যু হোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে। উপায়ুক্তগৰাকীয়ে হাতীৰ বিচৰণ বা বসবাস কৰা স্থানসমূহত হোৱা সম্ভাব্য সমস্যাৰ বিষয়ে পুংখানুপুংখভাৱে ৩ সপ্তাহৰ ভিতৰত অনুসন্ধান কৰাৰ বাবে কামৰূপ পূবৰ আঞ্চলিক বন বিষয়া আৰু বন্যপ্ৰাণী শাখাৰ ডি এফ অ’ক দায়িত্ব অৰ্পণ কৰিছে।

সোমবাৰে গুৱাহাটী আৱৰ্ত ভৱনত বীৰেন্দ্ৰ মিট্টালৰ সভাপতিত্বত অনুষ্ঠিত সভাত বন, গড়কাপ্টানী, আৰক্ষী বিভাগৰ লগতে ৰে’ল, এন ডি আৰ এফ তথা স্বেচ্ছাসেৱী সংগঠনসমূহ উপস্থিত থাকে।

এই সভাত সংগঠনসমূহে বনৰীয়া হাতী সুৰক্ষাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি উপায়ুক্তই চন্দ্ৰপুৰৰ চক্ৰ বিষয়া পি জে নাথক বন বিভাগ, ৰে’ল বিভাগ, আৰক্ষী আৰু স্থানীয় অঞ্চলবাসীক লগত লৈ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰিবলৈও নিৰ্দেশ দিয়ে।

এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱাৰ লগতে ৰে’ল বিভাগকো সষ্টম হৈ থাকিবলৈ কয়।

ইফালে, হাতী আক্ৰমণত মানুহৰ মৃত্যু হোৱা ঘটনাক দুৰ্যোগ হিচাপে গণ্য কৰিবলৈ সভাত বিভিন্ন বক্তাই মত প্ৰকাশ কৰে। এই সন্দৰ্ভত অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই বিষয়টো বন বিভাগৰ সৈতে আলোচনা কৰি এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

উল্লেখ্য যে সভাত বন্যপ্ৰাণী শাখাৰ ডি এফ অ’গৰাকীয়ে ২০০৪ চনৰ পৰা ২০১৩ চনলৈ দিপৰ বিলত ৰে’লত খুন্দাত ১৩টা হাতীৰ মৃত্যু হোৱা বুলি তথ্য সহকাৰে সকলোৰে আগত দাঙি ধৰে।

আনহাতে, সভাত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে দিপৰ বিলৰ দাঁতিৰে যোৱা গড়চুকৰ পৰা ৰাণীলৈ থকা প্ৰায় ১৭ কিঃ মিঃ দৈৰ্ঘ্যৰ পথছোৱাত নিশা ৮ বজাৰ পৰা হৰ্ন বজোৱাৰ ফলক লগোৱাৰ ব্যৱস্থা কৰা, দ্বৈত ৰে’লপথ অন্য ঠাইৰে নিৰ্মাণ কৰা, অন্য ঠাইৰে হাতীৰ অহা-যোৱা বন্ধ কৰাৰ বাবে ফেঞ্চিঙৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd