DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱৰ বামুণবড়িত ‘অকণিৰ মিলন মেলা’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2018 12:48 pm
73ed62c4-9552-4a01-8c2f-fdde784da374
143
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যতম ব্যতিক্ৰমধৰ্মী অকণি সকলৰ বাবে উৎসৰ্গিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘অকণি কবিতা ঘৰ’ অসমৰ কেন্দ্ৰীয় সমিতিয়ে চলিত বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষৰূপে পালন কৰি থকাৰ পৰিপ্ৰেক্ষিতত বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা মৰিগাঁও জিলাৰ বামুণবড়ি গাঁৱত আয়োজন কৰে ‘অকণিৰ মিলন মেলা আৰু পৰ্যালোচনা সভা’শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ।

নৱম শ্ৰেণীত অধ্যয়নৰত অকণি প্ৰস্তুতি দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মুখ্য বক্তা ৰূপে অংশ লৈ বামুণবড়ি গাঁৱৰ চিত্ৰশিল্পী অকণি দৰ্শনা দেৱীয়ে প্ৰদান কৰে এক সাৱলীল মানৱতাবাদী ভাষণ।

অসমৰ ভিতৰতে বোধ কৰো প্ৰথম চিত্ৰকৰ্মৰ একক সংগ্ৰহালয় ‘দৰ্শনা চিত্ৰকলা কানন’প্ৰতিষ্ঠা কৰি অকণি সকলৰ বাবে অনুপ্ৰেৰণাৰ বাট মুকলি কৰি দিয়া দৰ্শনাই দিয়া ভাষণত শিশুৰ বিকাশ সাধনত পিতৃ-মাতৃৰ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায়। লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শিশুসকলক বাতৰি কাকত পঢ়াৰ সুবিধা কৰি দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

এই সভাত উপস্থিত থাকি পুথি অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত এটি সুন্দৰ ভাষণ আগবঢ়ায় চতুৰ্থ শ্ৰেণীৰ তনুশ্ৰী ডেকাই। লগতে অকণি বক্তাৰূপে সভাখনত অংশ লৈ চতুৰ্থ শ্ৰেণীৰ কৃষ্টিবন ডেকা আৰু প্ৰথম শ্ৰেণীৰ আস্থানন্দিনী মুদৈয়ে ক্ৰমে পলিথিন বৰ্জন আৰু ‘মা’ সম্পৰ্কে দিয়া ভাষণে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে।

উক্ত অনুষ্ঠানটিত উপস্থিত থাকি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰকান্ত বৰা, অকণি কবিতা ঘৰ, অসমৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া, সম্পাদক ৰন্টু মুদৈয়ে বহু মূলীয়া বক্তব্য ৰাখে। অকণি কবিতা ঘৰৰ উদ্যোগত ৰূপায়িত এই ব্যতিক্ৰমী অনুষ্ঠানটিক স্থানীয় লোকসকলে ভূয়সী প্ৰশংসা কৰিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd