• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয় সংগ্ৰামৰ প্ৰতিধ্বনি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 12:31 pm
16-05-18 Jorhat- AJYCP Protest rally against citizen bill (3)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যোৰহাটত বুধবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গণ প্ৰতিবাদী কাৰ্যসূচী। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতৃত্বত শতাধিক দল-সংগঠনৰ পাঁচ সহস্রাধিক সমৰ্থকে গণ প্রতিবাদেৰে যোৰহাট নগৰ উত্তাল কৰি তোলে।

অসমীয়া জাতীয় অস্তিত্বৰ প্রতি সৃষ্টি হোৱা ভাবুকিৰ সময়তে স্বাভাৱিকভাৱে ৰাজপথলৈ ওলাই অহা জনতাৰ এই প্রতিবাদে অসমীয়া জাতীয় সংগ্ৰামৰ প্ৰতি থকা দায়বদ্ধতাকে প্রমাণ কৰে। জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়াৰ ঐক্যবদ্ধ সংগ্রামৰ অনুৰণন যোৰহাটত পুনৰ দেখা পোৱা গ’ল।

Apply Now

প্রতিবাদী বিশাল গণ সমদলটো যোৰহাটৰ বিষ্টুৰাম বৰুৱা হল প্রাংগণৰ পৰা আৰম্ভ হৈ এ টি ৰ’ড, গড়আলি, কে বি ৰ’ড হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখেৰে আহি উপায়ুক্ত কার্যালয়ৰ সন্মুখত উপস্থিত হয়।

উপায়ুক্তৰ যোগেদি প্ৰতিবাদকাৰী সমদলৰ নেতাসকলে যুটীয়া সংসদীয় সমিতিলৈ স্মাৰকপত্র প্রেৰণ কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

বুধবাৰে লগতে আন পোন্ধৰটাতকৈয়ো অধিক দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত উপায়ুক্তৰ যোগেদি যুটীয়া সংসদীয় সমিতিলৈ সুকীয়াকৈ স্মাৰক পত্র প্রেৰণ কৰে।

আনহাতে, উপায়ুক্ত কার্যালয়ৰ সন্মুখতে কার্যসূচীত অংশ গ্রহণ কৰা যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, অসম আন্দোলনৰ নেতা সমীৰণ বৰদলৈ, যোৰহাট প্রেছ ক্লাবৰ সভাপতি নিৰঞ্জন মহন্তই প্রতিবাদকাৰীসকলৰ উদ্দেশ্যে বক্তব্য আগবঢ়াই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বার্থত ঐক্যবদ্ধভাৱে সংগ্রাম চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহবান জনায়।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতিৰ নেতৃত্বত আছু, কৃষক মুক্তি সংগ্রাম সমিতি, অসম গণ পৰিষদ, অসম সাহিত্য সভা, টাই আহোম ছাত্র সন্থা, আটছা, চুতীয়া ছাত্র সন্থা, চুতীয়া যুৱ সন্মিলন, শ্রীমন্ত শংকৰদেৱ সংঘ, অনুসূচিত জাতি ছাত্র সন্থা, কোঁচ ৰাজবংশী ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, কলিতা জনগোষ্ঠী, বীৰ লাচিত সেনা, আমছু, যোৰহাট প্রেছ ক্লাব, সদৌ অসম কবি সন্মিলন, কলেজ শিক্ষক সন্থা, মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন, গুৰুদ্বাৰ, হিন্দুস্থানী নৱ যুৱ সমাজ, হিন্দুস্থানী পঞ্চায়তী ঠাকুৰবাৰী সন্মিলন, অখিল অসম কালোৱাৰ সমাজ, চেম্বার্চ অব্ কমার্চ, গোর্খা সন্মিলন আদিৰ লগতে যোৰহাটৰ সকলো মটৰ পৰিবহণ সন্থাকে ধৰি জাতীয় দল- সংগঠনৰ পাঁচ সহস্রাধিক লোকে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সভাপতি পুতুল দত্ত, সাধাৰণ সম্পাদক পলাশ চাংমাই, উপদেষ্টা নলিনী ৰঞ্জন বৰুৱা, সহকাৰী সম্পাদক জিতুল ৰাজখোৱা, বিত্ত সম্পাদক শিৱ কলিতা, প্রচাৰ সম্পাদক মুনিন্দ্র ভূঞা, আছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক জুল খাওন্দ, টাই আহোম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যকৰী সভাপতি কুমুদ গগৈ, জিলা সভাপতি ৰাজীৱ গগৈ, আটছাৰ সহকাৰী সম্পাদক ধীৰাজ গোৱালা, চুতীয়া জাতি ছাত্র সন্থাৰ ৰাজ বাঢ়ৈ বৰা, চুতীয়া যুৱ সন্মিলনৰ শ্যামল বৰা, সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সভাপতি প্রদীপ বৰাকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতাসকলে বিধেয়কখন বাতিলৰ দাবী তুলি নিজৰ বক্তব্য আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm
কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

July 12, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm
কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd