ৰক্ষকেই হ’ল ভক্ষক! এইবাৰ খোদ অধ্যক্ষই যৌন নিৰ্যাতন চলালে ছাত্ৰীক। এগৰাকী দুগৰাকী নহয়, ৫০ গৰাকী ছাত্ৰীয়ে নিজৰ অধ্যক্ষৰ বিষয়ে আনিছে যৌন নিৰ্যাতনৰ অভিযোগ।
যোৱা ১৪ ছেপ্তেম্বৰতে অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছিল যদিও ৩০ অক্টোবৰৰ পিছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে বুলিও আন এক অভিযোগ উত্থাপন হৈছে।
হাৰিয়ানা মহিলা আয়োগে জনাইছে যে ছাত্ৰীসকলৰ অভিযোগৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আনহাতে, আৰক্ষীৰ গাফিলতিৰো তদন্ত চলি আছে।
হাৰিয়ানাৰ জিন্দ চহৰৰ এখন বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কমেও ৫০ গৰাকী মহিলা ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।
৫৫ বছৰীয়া শিক্ষকজনে বিভিন্ন সময়ত বিভিন্ন ধৰণে ছাত্ৰীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।
তদুপৰি তেওঁ কেইবাগৰাকীছাত্ৰীলৈ ফোন কল আৰু অশ্লীল মেছেজ প্ৰেৰণ কৰিছিল।
ব্যক্তিগত ফোনটোৰ বাহিৰেও তেওঁৰ হাতত মুঠ তিনিটা মোবাইল ফোন আছিল, যিবোৰৰ সহায়ত তেওঁ ছাত্ৰীক নিৰ্যাতন চলাইছিল।
মহিলা আয়োগৰ তথ্য অনুসৰি ১৪ ছেপ্টেম্বৰত একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা অভিযোগ পোৱাৰ পিছতে এই বিষয়টো আৰক্ষীক অৱগত কৰা হৈছিল। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। পিছত একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ চিঠি লিখি অভিযোগ উত্থাপন কৰে।
ইয়াৰ পিছতে ২৭ অক্টোবৰত চৰকাৰে নিলম্বন কৰিছিল অধ্যক্ষগৰাকীক। যোৱা ৩০ অক্টোবৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰেণু ভাটিয়াই কয়, ‘সেইখন বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কমেও ৬০ গৰাকী ছাত্ৰীয়ে এজাহাৰ দাখিল কৰিছে। ইয়াৰে ৫০ গৰাকী ছাত্ৰীক শিক্ষকে যৌন নিৰ্যাতন চলাইছিল। বাকী ১০ জন ছাত্ৰই অধ্যক্ষৰ এই কাম-কাজৰ বিষয়ে জনা বুলি উল্লেখ কৰে।”