• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষাক সৰ্বোত্তম গৰ্ভনিৰোধক আখ্যা দিলে শল্য চিকিৎসক ইলিয়াছ আলীয়ে

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , March 10, 2018 3:32 pm

3 min read

Dr-Illias-Ali
186
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূব ভাৰতৰ নামজ্বলা শল্য চিকিৎসক  তথা সামাজিক আৰু আৰু জন গাঁথনি বিষয়ক কৰ্মী, অধ্যাপক ড০ ইলিয়াছ আলীয়ে জনসংখ্যা গাঁথনিৰ ওপৰত প্ৰদান কৰা এটা বক্তৃতাত প্ৰকাশ কৰিছে যে শিক্ষা হৈছে সৰ্বোত্তম গৰ্ভনিৰোধক।

আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে  কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয় শিক্ষক গোট আৰু অসম মহাবিদ্যালয়  শিক্ষক সন্থা (এচিটিএ)য়ে যুটীয়াকৈ আয়োজন কৰা এখন আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মহিলা শিক্ষাৰ ওপৰত জোৰ দি ড০ আলীয়ে এইদৰে মন্তব্য কৰে।

ভাষণ প্ৰসংগত অধ্যাপক আলীয়ে কয় যে মহিলাসকলৰ শিক্ষাই জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

‘১৯০০ চনত ভাৰতৰ জনসংখ্যা আছিল মাত্ৰ ২৫ কোটি আৰু ১৯৪৭ চনত এই সংখ্যা ৩৭.৫ কোটি হয়গৈ। ১৯৬৫ চনৰ আশে পাশে  দেশখনৰ জনসংখ্যা ৫০ কোটি হয় আৰু তাৰ পিছৰে পৰাই জনসংখ্যা দ্ৰুত গতিত বাঢ়ি আহি ২০০১ চনত ভাৰতৰ জনসংখ্যা ১০২.৭ কোটি হৈছেগৈ।’ নিজৰ ভাষণত অধ্যাপক আলীয়ে কয়। বিগত ৩৬ বছৰত দেশখনৰ জনসংখ্যা দুগুণতকৈও অধিক  হোৱাৰ তথ্য অধ্যাপক আলীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে।
অধ্যাপক আলীয়ে  আৰু কয় যে সমগ্ৰ  বিশ্বৰ মুঠ ভূমিভাগৰ মাথোঁ ২.৪ শতাংশ ভূমিহে ভাৰতৰ আৰু ইয়াত বিশ্বৰ ১৭.৫ শতাংশ লোকে বাস কৰে। এই ক্ষুদ্ৰ পৰিসৰৰ ভূমিক বিশ্বৰ ১৭.৫ লোকৰ থকা-খোৱা, ভৰণ-পোষণৰ ভাৰ বহন কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কৰে অধ্যাপক আলীয়ে। তেওঁ কয় যে এনেদৰে চলিবলৈ হ’লে ২০২৪ চনৰ আশে-পাশে ভাৰতে চীনৰ জনসংখ্যাক চেৰ পেলাই বিশ্বৰ প্ৰথমখন জনবহুল দেশত পৰিণত হ’ব।

মহিলা শিক্ষাৰ প্ৰয়োজনৰ ওপৰত  বক্তব্য ৰাখি অধ্যাপক আলীয়ে কয় যে পুৰুষৰ শিক্ষা সম্প্ৰসাৰণৰ তুলনাত মহিলাসকলৰ মাজত শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে মহিলাসকলৰ মাজত সন্তান জন্ম দিয়াৰ হাৰ যথেষ্ট কম হোৱাৰ প্ৰৱণতা দেখা পোৱা যায়।

তেওঁ কয় লেটিন আমেৰিকাত চলোৱা এটা অধ্যয়নত দেখা পোৱা গৈছে যে যি সকল মহিলাই প্ৰাথমিক শিক্ষা সমাপ্ত কৰিছে তেওঁলোকৰ গড়ে ৪ টাকৈ সন্তান আছে আৰু যিসকলৰ কোনো আনুষ্ঠানিক শিক্ষা নাই তেওঁলোকৰ গড়ে ৬টাকৈ সন্তান থকা দেখা গৈছে।  বিদ্যালয়লৈ গ’লে বিয়াৰ বয়স পিছুৱাই যোৱা হেতুকে সন্তান উৎপাদনৰ মুঠ সময়ো কমি যায়।

ড০ আলীয়ে আৰু কয়, বিকাশশীল দেশসমূহত মাধ্যমিক শিক্ষা শেষ কৰা মহিলাসকলৰ প্ৰাথমিক শিক্ষা শেষ কৰা মহিলাতকৈ অতি কমেও দুটাকৈ সন্তান কম হোৱা দেখা যায়। য়েমেনত সম্পন্ন কৰা এটা অধ্যয়নত পোৱা গৈছে যে মাধ্যমিক শিক্ষা সমাপ্ত কৰা মাতৃসকলৰ প্ৰায়েই গড়ে দুটাকৈ সন্তান আছে।

উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অন্যন্য বিশিষ্ট ব্যক্তিক সম্বোধন কৰি অধ্যাপক আলীয়ে আৰু কয়, ‘ভাৰতৰ আটাইতকৈ বিশাল সংখ্যালঘু সম্প্ৰদায়টো সকলো প্ৰকাৰৰ মানৱীয় বিকাশৰ সূচকত অত্যন্ত পিছ পৰি আছে আৰু তাৰ কাৰণ হৈছে মহিলা শিক্ষাৰ অভাৱ যাৰ ফলত মুছলিমসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰো অধিক।’

‘বাল্য বিবাহৰ ফলত দেশখনত জনসংখ্যাৰ বৃদ্ধি ঘটিছে। ভাৰতত বাল্য বিবাহ নিষিদ্ধ যদিও নদীৰ পাৰত বাস কৰা মুছলিম সকলৰ মাজত বাল্য বিবাহৰ প্ৰাদুৰ্ভাৱ অধিক, যিয়ে সামগ্ৰিকভাৱে সম্প্ৰদায়টোৰ অজ্ঞানতা, নিৰক্ষৰতা আৰু সামাজিক অনগ্ৰসৰতাক সূচায়।’ বাল্য বিবাহৰ ওপৰত মন্তব্য কৰি ড০ আলীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে আলোচনাচক্ৰখনত সভাপতিত্ব কৰিছিল অধ্যাপক আতাউৰ ৰহমানে। কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছাহজাহান আলী আহমেদ, এটিচিএৰ উপ সভাপতি ড০কিশোৰ কুমাৰ ডেকা, এটিচিএ (বৰপেটা মণ্ডল)ৰ সভাপতি ড০ জগদীশ শৰ্মা, এটিচিএ (বৰপেটা মণ্ডল)ৰ সচীব ড০ সমীৰণ শৰ্মা, কলগাছিয়া ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া  ড০ নজৰুল ইছলাম আৰু বৰপেটা অসামৰিক চিকিৎসালয়ৰ সহকাৰী তত্বাৱধায়ক ড০ হাছমত আলীও এই আলোচনাচক্ৰত উপস্থিত আছিল।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd