শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৰাজনৈতিক আক্ৰোশৰ বাবেই অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰী অপদস্থ তথা নিলম্বিত হ’বলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম সচিবালয় সেৱা সন্থাই। সেৱা সন্থাই মন্ত্ৰীগৰাকীৰ আচৰণৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ হস্তক্ষেপো দাবী কৰিছে।
সন্থাৰ অভিযোগ অনুসৰি প্ৰাথমিক শিক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিয়ে শক্তিমন্ত্ৰী তপন গগৈৰ চুপাৰিশ অনুসৰি বদলিৰ ফাইল এটা প্ৰস্তুত কৰাক কেন্দ্ৰ কৰিয়েই মন্ত্ৰী ভট্টাচাৰ্য কৰ্মচাৰীগৰাকীৰ ওপৰত খড়্গহস্ত হৈ পৰে। মন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়েই কৰ্মচাৰীজনক বৃহস্পতিবাৰে নিলম্বন কৰা হয়।
বিষয়টো আলোচনা কৰাৰ বাবে শুকুৰবাৰে অসম সচিবালয় সেৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাই মন্ত্ৰী ভট্টাচাৰ্যৰ আচৰণক দুৰ্ভাগ্যজনক আখ্যা দি তাৎক্ষনিকভাৱে কৰ্মচাৰীজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।
তেওঁলোকৰ দাবী নামানিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্থাই সকীয়াই দিয়ে। আনহাতে, কোনো তদন্ত নকৰাকৈয়ে কৰ্মচাৰীজনক নিলম্বন কৰা কাৰ্যত সন্থাই আক্ষেপ প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।
সচিবালয় সেৱা সন্থাই পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণৰ বাবে অহা ১৬ জুলাইত এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব। ইপিনে মন্ত্ৰী ভট্টাচাৰ্যৰ আচৰণক লৈ সচিবালয় চৌহদত ব্যাপক চৰ্চা চলিছে।