DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলিছে তীব্ৰ গতিত

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
March 26, 2018 10:41 pm
IMG-20180326-WA0013
93
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰনৰ অধীনত নিৰ্মাণ চলি থকা  শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিদ’ৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাহুৰ-জাতিঙ্গাৰ মাজৰ পথছোৱাৰ অধিকাংশয়ে সম্পূৰ্ণ হৈ নুঠাৰ বাবে যান-বাহন চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

সৰ্বাসাধাৰণলোকৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ  জাতিঙ্গা-মাহুৰৰ মাজৰ অৱশিষ্ট কামৰ কাৰনে NHAIয়ে অধিক গুৰুত্ব আৰোপ কৰিছে। আনহাতে ঠিকাদাৰি সংস্থা এনকেচি ইনফ্ৰা প্ৰজেক্টছ্ প্ৰাইভেট লিমিটেডেও পথছোৱাৰ নিৰ্মাণত দিনে নিশাই কাম কৰাত ব্যস্ত হৈ পৰিছে।

হাফলঙৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগতে এই ইষ্ট ৱেষ্ট কৰিদ’ৰ।  কিন্তু জাতিঙ্গা-হাৰাঙ্গাজাওৰ মাথো ২৫ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ কাম আজি লৈকে হৈ নুঠাত সৰ্বসাধাৰণ লোক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভাগীয় কৰ্তৃপক্ষই জাতিঙ্গা-মাহুৰ ২৪ কিলোমিটাৰ অংশৰ বাকি থকা কামৰ গতি ত্বৰাণ্বিত কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি জাতিঙ্গাৰ সমীপৱৰ্ত্তী এন লেইকুল গাঁওৰ কাষেৰে বৈ যোৱা ঘাইপথৰ এছ কাৰ্ভৰ ভূমিস্খলনৰ সমস্যাও নিৰ্মূল কৰাৰ কাৰনে যোৱা এমাহ ধৰি কাম চলায় আছে। আৰু ইয়াৰ পৰিণতিতে পথটোৰ কিছু উন্নতি হোৱা পৰিলক্ষিত হৈছে।

আনহাতে আজি   NHAIৰ  হাফলং পিআইইউৰ প্ৰকল্প সঞ্চালক কাৰ্গে কাম্কিয়ে ঘাইপথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কামৰ গুনগত মানৰ বুজ লয়।

এনকেচিৰ প্ৰজেক্ট মেনেজাৰ বাচুদেৱ পন্থী য়ে nenowৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে ঘাইপথৰ বাকি থকা কাম বাৰিষাৰ আগে আগে শেষ কৰাৰ কাৰনে যোৱা তিনি চাৰি মাহ ধৰি পূৰ্ণগতিত কাম চলি আছে। লগতে কয় যে অলপতে যদি বৰষুণ নহয় তেনেহ’লে অহা এমাহৰ ভিতৰত নিৰ্মাণৰ কাম বহুখিনি আগুৱাই যাব।

ইয়াৰ উপৰি তেওঁ কয় যে এইবাৰৰ বাৰিষাত বিগত বছৰ বিলাকৰ নিচিনা সমস্যাৰ সৃষ্টি নহয়। লগতে কয় যে আচলতে বৰাইলৰ মাটিয়ে পানী ধৰি ৰখাৰ ক্ষমতা নাই। সেই কাৰণে অলপ বৰষুণ হ’লে ভূমিস্খলন হয়। ইয়াত বিটুমিনৰ পথ নিৰ্মাণ নকৰি চিমেন্ট কংক্ৰিটৰ পথ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়ায় এনকেচি পিএম গৰাকীয়ে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd