• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশুসকল দেশৰ ভৱিষ্যৎ আৰু সমাজৰ আটাইতকৈ মহান সম্পত্তি : অধ্যাপক মুখী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2018 10:25 am

2 min read

Mukhi-children-570x320
255
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে কয় যে শিশুসকল দেশৰ ভৱিষ্যৎ আৰু সমাজৰ এক আটাইতকৈ মহান সম্পত্তি।

গুৱাহাটীৰ চানমাৰিৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত বিদ্যা ভাৰতীৰ সহযোগত শিশু শিক্ষা সমিতিয়ে আয়োজন কৰা শিশু সন্মিলন উদ্বোধন কৰি অধ্যাপক মুখীয়ে এইদৰে কয়।

উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাই ৰাষ্ট্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লগতে এখন উন্নত সমাজ সৃষ্টি কৰে যিয়ে প্ৰগতিৰ পথত আগবঢ়াই নিয়াত সমাজখনক সহায় কৰে।

‘’বৰ্তমান সময়ত শিক্ষা অধিক চাকৰিমুখী হৈ পৰিছে। প্ৰকৃতাৰ্থত শিক্ষাই এটি শিশুৰ সৰ্বাত্মক বিকাশ সাধন কৰা উচিত। বিদ্যালয়ৰ পাঠ্যপুথিৰ লগতে শিশুসকলে তেওঁলোকৰ দৃষ্টিভংগী উন্নত কৰি তুলিবলৈ আন গ্ৰন্থও অধ্যয়ন কৰা উচিত। শিশুসকলে নিজৰ দেশখনৰ বিষয়ে বিস্তৃত জ্ঞানৰ বাবে ভূগোল আৰু বুৰঞ্জী জনা উচিত,’’-ৰাজ্যপালগৰাকীয়ে কয়।

অধ্যাপক মুখীয়ে লগতে কয় যে ভাৰতৰ এক গৌৰৱময় ইতিহাস আছে।

‘’ শ্ৰীমন্ত শংকৰদেৱ, কবীৰ, তুলসীদাস, গুৰুনানকৰ দৰে মনীষীসকলৰ এই পৱিত্ৰ মাতৃভূমিত জন্ম হৈছিল। আনকি বিৱেকানন্দ যুৱ শিশুসকলৰ বাবে এক অনুপ্ৰেৰণা যিয়ে ভাৰতীয় সংস্কৃতি তথা ধৰ্মীয় পৰম্পৰাক বিশ্বত প্ৰচাৰ কৰিছিল আৰু যুৱ প্ৰজন্মৰ মাজত বিপুল প্ৰভাৱ পেলাইছে,’’-অধ্যাপক মুখীয়ে কয়।

Mukhi-children-2-300x200

ৰাজ্যপালগৰাকীয়ে দেশৰ চূকে-কোণে বিদ্যালয় পাতি শিক্ষা বিস্তাৰ কৰাৰ বাবে বিদ্যা ভাৰতীয়ে লোৱা প্ৰচেষ্টাক আদৰণি জনায়।

তেওঁ লগতে কয় যে বিদ্যা ভাৰতী শিক্ষাৰ ক্ষেত্ৰত এটা সুপৰিচিত নাম য’ত কেৱল দেশপ্ৰেমৰ দ্বাৰা উদ্বুদ্ধ কৰাই নহয়, তেওঁলোকক লগতে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক প্ৰশিক্ষণৰ দ্বাৰা সকলোধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ গঢ়ি তোলা হয়।

উল্লেখযোগ্য যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক সাৰোগত কৰি শিক্ষাৰ জৰিয়তে স্বাৱলম্বনৰ ধাৰণা গঢ়ি তোলা আৰু অসমৰ শিশুসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যেৰে ১৯৭৯ চনৰ ২১ এপ্ৰিলত শিশু শিক্ষা সমিতিক এটা পঞ্জীকৃত সংস্থা হিচাপে গঠন কৰা হৈছিল।

অসমৰ শিশু শিক্ষা সমিতিৰ উদ্যোক্তাসকলে সিদ্ধান্ত লৈছিল যে বিদ্যা বাৰতীৰ অধীনৰ অসমৰ বিদ্যালয়সমূহৰ নাম মহাপুৰুষ শংকৰদেৱৰ নামেৰে তেওঁৰ অনৱদ্য কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই ৰখা হ’ব।

বৰ্তমান ইয়াৰ অধীনত ৫৩৪ খন বিদ্যালয় স্থাপন কৰা হৈছে আৰু মুঠতে ১.৫ লাখ ছাত্ৰ-ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে।

 

Recent News

Gita Gopinath

‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd