DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশু ধৰ্ষণত অভিযুক্ত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক কুলদ্বীপ সিং ছেংগাৰক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2018 10:12 pm
APCC_Kuldeep_Shing
98
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক কুলদ্বীপ সিং ছেংগাৰৰ বিৰুদ্ধে এগৰাকী ৮ বছৰীয়া ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উঠাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ নকৰাক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

মহানগৰীস্থিত ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ প্ৰায় আধাঘণ্টা ধৰি থিয় হৈ থাকে। প্ৰতিবাদকাৰীসকলে যোগী আদিত্য নাথ চৰকাৰখন শাসনলৈ অহাৰ পিছৰ পৰা উত্তৰ প্ৰদেশৰ শান্তিত ব্যাঘাত হোৱা বুলি কোৱাৰ লগতে হত্যা-ধৰ্ষণ ইত্যাদি অপকৰ্ম বৃদ্ধি পোৱা বুলিও এক গুৰুতৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে।

মমবাতি প্ৰজলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে গোটেই ভাৰতবৰ্ষজুৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ থকাৰ পিছতো ৮ বছৰীয়া এটি শিশুক প্ৰথমতে অপহৰণ কৰি তাৰ পিছত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো অভিযুক্তক ছত্ৰছায়া দিয়াহে আমি দেখিবলৈ পাইছো।

এই বিষয়টোক লৈ জম্মু-কাশ্মীৰত বিজেপি সাংসদ-বিধায়কসকলে হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ ৰাজনীতি কৰিব বিচাৰিছে। ত্ৰিৰংগা পতাকাখন ধৰ্ষণকাৰী নেতা-পালিনেতাৰ সমৰ্থনত ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় পতাকাখনৰ মৰ্য্যাদা ধূলিসাৎ কৰিছে। সেয়েহে আমি তেওঁলোকক ধিক্কাৰ প্ৰদান কৰিছো।‘

‘নগাওঁ জিলাৰ ধিঙত সংঘটিত হোৱা ধৰ্ষণকাণ্ড তথা অন্যান্য প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ সৈতে এটা বিশেষ সম্প্ৰদায়ৰ লোকসকল জড়িত থকা বুলি বিজেপিৰ নেতা-পালিনেতাসকলে কৈছিল। ধৰ্ষণকাৰী অথবা অপৰাধীসকলৰ কোনো ধৰ্ম থাকিব নোৱাৰে। গতিকে বিজেপি চৰকাৰে উনাৰ কণমানি শিশুটিৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত বিধায়কক পোনপটীয়াভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে নিয়া, চি বি আই তদন্ত দাবী কৰি প্ৰকৃত দোষীক ছত্ৰছায়াহে প্ৰদান কৰিছে।‘ বিজেপি চৰকাৰে ধৰ্ষণকাৰীক সমৰ্থন দিয়াৰ অভিযোগ তুলি বড়োৱে এনেদৰে কয়।

অন্যহাতে এই প্ৰতিবাদী কাৰ্য্যসূচীত যোগদান কৰা কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মাই বিজেপি চৰকাৰক প্ৰশ্ন  কৰি কয় ‘বিজেপি দলৰ যিসকল নেত্ৰী আছে তেওঁলোক নিশ্চুপ কিয়? যি নৰেন্দ্ৰ মোদীয়ে ক’ৰবাত এটা ঘটনা হ’লেই টুইট কৰে তেওঁৰ এতিয়া এষাৰো মাত নাই কিয়? নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লোৱাৰ পিছতো নাৰীসকলৰ সুৰক্ষা কিয় নোহোৱা হৈছে মই তাৰ উত্তৰ বিচাৰিছো।‘

ৰাজ্যৰ জিলা সদৰসমূহত জিলা কংগ্ৰেছে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। মহানগৰ জিলা কংগ্ৰেছ কমিটী, মহিলা কংগ্ৰেছেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ গৃহ মুখ্য সচিব অৰবিন্দ কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান অ’ পি সিঙে আজি এখন সংবাদমেল সম্বোধন কৰি ধৰ্ষিতা আৰু পিতৃক হত্যাৰ গোচৰ ইতিমধ্যে চি বি আইৰ তদন্তৰ বাবে পঠোৱা হৈছে বুলি জানিবলৈ দিয়ে। যদি বিধায়ক কুলদ্বীপ সিং ছেংগাৰৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ পোৱা যায় তেন্তে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰা হ’ব বুলি সদৰী কৰে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd