DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশক লৈ সষ্টম জিলা প্ৰশাসন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 29, 2018 7:08 am
siv_face

শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়। ফটো : ইন্টাৰনেট

124
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা,  জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত শনিবাৰে এন আৰ চিৰ চুড়ান্ত খচৰা সন্দৰ্ভত এখনি ৰাইজ মেল অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত অনুষ্ঠিত হোৱা উক্ত ৰাইজ মেলখনত শিৱসাগৰৰ নাগৰিক সমাজ,  বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত থাকে।

অহা ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ চুড়ান্ত খচৰাখনলৈ সাধাৰণ নাগৰিক কোনো কাৰণতে শংকিত হ’ব নালাগে বুলি ৰাইজ মেলত ব্যক্ত কৰে জিলা উপায়ুক্তগৰাকীয়ে। উপায়ুক্ত পল্লৱ কুমাৰ ঝাই কয় যে এন আৰ চিৰ এই চুড়ান্ত খচৰাত কোনো ভাৰতীয়ৰ নাম বাদ পৰিলেও পাছত দাবী আপত্তিৰ বাবে পূৰ্ণ সুযোগ লাভ কৰিব। ৰাইজক কোনোধৰণৰ অপ-প্ৰচাৰত ভুল নগৈ প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এন আৰ চিত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি নাযায় আৰু এই চুড়ান্ত খচৰাত এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়। যদি কিবা কাৰণত কাৰিকৰি বিচ্যুতি বা উপযুক্ত নথি দাখিল কৰিব নোৱাৰাৰ বাবে কোনো ভাৰতীয়ৰ নাম বাদ পৰে, তেন্তে তাৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ বুলি তেওঁ মন্তব্য কৰে।

কোনো দুষ্ট চক্ৰৰ বিৰুদ্ধে কিবা তথ্য লাভ কৰিলে তাৎক্ষণিকভাৱে ০৩৭৭২-২২২১৪২, ০৩৭৭২-২২২৮০১, ৯৪৩৫৫০০৫৯৭ নম্বৰত যোগাযোগ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।

তদুপৰি, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে কয় যে সম্প্ৰীতিৰ পূণ্যভুমি শিৱসাগৰীয়াই ঐতিহাসিক কালৰে পৰা যি দৰে সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে , আগন্তুক দিনটো প্ৰতিজন শিৱসাগৰীয়াই সেয়া বিশ্ববাসীলৈ প্ৰেৰণ কৰিব।

আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰয়োজনত জিলাখনত দুটাকৈ আই টি বি পিৰ বেটেলিয়ান মজুত ৰখাৰ লগতে অতিৰিক্ত ৪ টা চি আৰ পি এফৰ কোম্পানীও মজুত আছে। জিলাখনৰ চিনাক্ত কৰা ৪৭ টা এন আৰ চিৰ সেৱা কেন্দ্ৰৰ ২০ টা কেন্দ্ৰত সশস্ত্ৰ বাহিনী ৰখা বুলি তেওঁ সদৰী কৰে ।

আনহাতে, বানপানীৰ ফলত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিচাং ধাইআলি এন আৰ চি কেন্দ্ৰটো বানমুখ গাওঁ পঞ্চায়তলৈ স্থানান্তৰ কৰা হয়।

 

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd