শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত শনিবাৰে এন আৰ চিৰ চুড়ান্ত খচৰা সন্দৰ্ভত এখনি ৰাইজ মেল অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত অনুষ্ঠিত হোৱা উক্ত ৰাইজ মেলখনত শিৱসাগৰৰ নাগৰিক সমাজ, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত থাকে।
অহা ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ চুড়ান্ত খচৰাখনলৈ সাধাৰণ নাগৰিক কোনো কাৰণতে শংকিত হ’ব নালাগে বুলি ৰাইজ মেলত ব্যক্ত কৰে জিলা উপায়ুক্তগৰাকীয়ে। উপায়ুক্ত পল্লৱ কুমাৰ ঝাই কয় যে এন আৰ চিৰ এই চুড়ান্ত খচৰাত কোনো ভাৰতীয়ৰ নাম বাদ পৰিলেও পাছত দাবী আপত্তিৰ বাবে পূৰ্ণ সুযোগ লাভ কৰিব। ৰাইজক কোনোধৰণৰ অপ-প্ৰচাৰত ভুল নগৈ প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।
উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এন আৰ চিত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি নাযায় আৰু এই চুড়ান্ত খচৰাত এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়। যদি কিবা কাৰণত কাৰিকৰি বিচ্যুতি বা উপযুক্ত নথি দাখিল কৰিব নোৱাৰাৰ বাবে কোনো ভাৰতীয়ৰ নাম বাদ পৰে, তেন্তে তাৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ বুলি তেওঁ মন্তব্য কৰে।
কোনো দুষ্ট চক্ৰৰ বিৰুদ্ধে কিবা তথ্য লাভ কৰিলে তাৎক্ষণিকভাৱে ০৩৭৭২-২২২১৪২, ০৩৭৭২-২২২৮০১, ৯৪৩৫৫০০৫৯৭ নম্বৰত যোগাযোগ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।
তদুপৰি, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে কয় যে সম্প্ৰীতিৰ পূণ্যভুমি শিৱসাগৰীয়াই ঐতিহাসিক কালৰে পৰা যি দৰে সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে , আগন্তুক দিনটো প্ৰতিজন শিৱসাগৰীয়াই সেয়া বিশ্ববাসীলৈ প্ৰেৰণ কৰিব।
আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰয়োজনত জিলাখনত দুটাকৈ আই টি বি পিৰ বেটেলিয়ান মজুত ৰখাৰ লগতে অতিৰিক্ত ৪ টা চি আৰ পি এফৰ কোম্পানীও মজুত আছে। জিলাখনৰ চিনাক্ত কৰা ৪৭ টা এন আৰ চিৰ সেৱা কেন্দ্ৰৰ ২০ টা কেন্দ্ৰত সশস্ত্ৰ বাহিনী ৰখা বুলি তেওঁ সদৰী কৰে ।
আনহাতে, বানপানীৰ ফলত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিচাং ধাইআলি এন আৰ চি কেন্দ্ৰটো বানমুখ গাওঁ পঞ্চায়তলৈ স্থানান্তৰ কৰা হয়।