• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বান পৰিস্থিতি-এন আৰ চিৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 2, 2018 8:43 am

2 min read

শিৱসাগৰত বান পৰিস্থিতি-এন আৰ চিৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল
85
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা ভৱনত সংবাদ মাধ্যমৰ স’তে মত বিনিময় কৰে।
উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানটোত প্ৰথমে শিৱসাগৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ  শান্তিপূৰ্ণ ভাৱে সম্পূৰ্ণ হোৱাৰ বাবে শিৱসাগৰবাসীক  ধন্যবাদ জ্ঞাপন কৰে। লগতে বৰ্তমান লোক সভা আৰু ৰাজ্য সভাৰ অধিবেশনত এন আৰ চিৰ সন্দৰ্ভত তীব্ৰ বাক-বিতণ্ডা চলি থকাৰ বাবে শিৱসাগৰ জিলা উপায়ুক্তই শিৱসাগৰ জিলাৰ এন আৰ চিৰ তথ্য প্ৰকাশ কৰাটো উচিত নহয় বুলি মন্তব্য কৰে।
উপায়ুক্ত গাৰীকয়ে কয় যে যি সকল লোকৰ নাম এই চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নহ’ল তেওঁলোকে অহা ৭ আগষ্টৰ পৰা ২৮ ছেপ্তেম্বৰলৈকে তেওঁলোকৰ দাবী আপত্তিৰ বাবে আবেদন কৰিব পাৰিব।
ইফালে শিৱসাগৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে সাংবাদিকক জনায় যে শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ প্ৰায় ৫০ খন গাঁও বানপানীৰ কবলত পৰিছে আৰু ১২৯৪৯ জন লোক বানাক্ৰান্ত হৈছে। শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ বাভিন্ন বানাক্ৰান্ত অঞ্চলত এন ডি আৰ এফ, এছ আৰ ডি এফ আৰু সেনাবাহিনীয়ে বৰ্তমান সময়লৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
আনহাতে এই অভিযানত শিৱসাগৰত ৪৭০ জন আৰু নাজিৰাত ১৩৮ জন বানাক্ৰান্তক উদ্ধাৰ কৰিছে বুলিও জানিবলৈ দিয়ে উপায়ুক্তগাৰীকয়ে। নাজিৰাত আশ্ৰয় শিবিৰ স্থাপন কৰা নাই যদিও শিৱসাগৰত ৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।
শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰত ৩৬ টা বান সাহায্য শিবিৰ স্থাপন কৰি বানাক্ৰান্ত ৰাইজক চাউল, দাইল, মিঠাতেল, চিৰা, গুৰ, মমবাতি , মহখেদা ঔষধ, খোৱাপানী ফিল্টাৰ আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে শিশু সকলৰ বাবে শিশু খাদ্যও বিতৰণ কৰিছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
তাৰোপৰি শিৱসাগৰত ৪ টা আৰু নাজিৰাত ৩ টা চিকিৎসাহ সাহাৰ্য্য শিবিৰ স্থাপন কৰি ৰোগী সকলক চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে বুলি উপায়ুক্ত গৰাকীয়ে জনায়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd