DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান অগপ নেতৃত্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 8:20 am
35482221_636163366742620_1645037620431945728_n
67
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ প্ৰান্তৰ ৰাজনৈতিক নেতৃত্বৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম গণ পৰিষদৰ নেতৃত্বই। শনিবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ এটা প্ৰতিনিধি দলে মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত মুম্বাইত শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে কিছুদিন আগতে বিহাৰৰ শাসকীয় জেডিইউৰ সমৰ্থন বিচাৰি সফল হোৱাৰ পিছত দলটোৱে এইবাৰ মহাৰাষ্ট্ৰৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

অগপৰ নেতৃত্বই শিৱসেনাৰ মুৰব্বীগৰাকীক সাক্ষাৎ কৰি বিধেয়কখন অসমৰ বাবে বিপদজ্জনক বুলি উল্লেখ কৰে আৰু ই অসম চুক্তিক নস্যাৎ কৰিব বুলি নেতাগৰাকীৰ আগত সদৰি কৰে।

অসমৰ ভাষা, সংস্কৃতি তথা খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি উল্লেখ কৰি দলটোৱে শিৱসেনাৰ নেতাগৰাকীক এখন পত্ৰ প্ৰদান কৰে। অগপ নেতৃত্বই শিৱসেনা দলটোক আৰু দলটোৰ সাংসদসকলক সংসদত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান৷

অগপই ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী জনমত গঢ়াৰ বাবে প্ৰচেষ্টা চলাই যোৱাৰ কথা ব্যক্ত কৰি  শিৱসেনাৰ নেতাগৰাকীৰ পৰাও এইক্ষেত্ৰত সঁহাৰি বিচাৰে।

মুম্বাইত দীৰ্ঘ সময় ধৰি শিৱসেনাৰ নেতাগৰাকীৰ সৈতে অগপৰ নেতৃত্বই বৈঠকত মিলিত হয়। আলোচনা কালত শিৱসেনাৰ মুৰব্বীজনে সম্পূৰ্ণ ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই।

অগপৰ নেতাসকলে বৈঠকত সাম্প্ৰতিক পৰিস্থিতিত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি আৰু প্ৰয়োজনীয়তা সম্পৰ্কতো আলোচনা কৰে। আঞ্চলিকতাবাদৰ সবলীকৰণ তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আগন্তুক সময়ত অগপ আৰু শিৱসেনাই মিলি কাম কৰিবলৈ সহমতত উপনীত হ‌োৱা বুলি কয় অগপৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰিছে।

শিৱসেনাৰ নেতাগৰাকীৰ সৈতে আলোচনা কালত অগপৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ডা০ কমলা কলিতা উপস্থিত আছিল।

উল্লেখ্যোগ্য যে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা  ১২ জুনত এটা প্ৰতিনিধি দল দিল্লীলৈ গৈ নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি স্পষ্ট কৰে।

অগপৰ দলটোৱে অসমৰ ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিবলৈ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰি  এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকে বিধেয়ক খনে অসমৰ ভাষা, সংস্কৃতিৰ লগতে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলোৱাৰ কথাও ৰাষ্ট্ৰপতিৰ আগত উল্লেখ কৰে।

Recent News

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd