• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান অগপ নেতৃত্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 8:20 am
35482221_636163366742620_1645037620431945728_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ প্ৰান্তৰ ৰাজনৈতিক নেতৃত্বৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম গণ পৰিষদৰ নেতৃত্বই। শনিবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ এটা প্ৰতিনিধি দলে মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত মুম্বাইত শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে কিছুদিন আগতে বিহাৰৰ শাসকীয় জেডিইউৰ সমৰ্থন বিচাৰি সফল হোৱাৰ পিছত দলটোৱে এইবাৰ মহাৰাষ্ট্ৰৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

Apply Now

অগপৰ নেতৃত্বই শিৱসেনাৰ মুৰব্বীগৰাকীক সাক্ষাৎ কৰি বিধেয়কখন অসমৰ বাবে বিপদজ্জনক বুলি উল্লেখ কৰে আৰু ই অসম চুক্তিক নস্যাৎ কৰিব বুলি নেতাগৰাকীৰ আগত সদৰি কৰে।

অসমৰ ভাষা, সংস্কৃতি তথা খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি উল্লেখ কৰি দলটোৱে শিৱসেনাৰ নেতাগৰাকীক এখন পত্ৰ প্ৰদান কৰে। অগপ নেতৃত্বই শিৱসেনা দলটোক আৰু দলটোৰ সাংসদসকলক সংসদত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান৷

অগপই ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী জনমত গঢ়াৰ বাবে প্ৰচেষ্টা চলাই যোৱাৰ কথা ব্যক্ত কৰি  শিৱসেনাৰ নেতাগৰাকীৰ পৰাও এইক্ষেত্ৰত সঁহাৰি বিচাৰে।

মুম্বাইত দীৰ্ঘ সময় ধৰি শিৱসেনাৰ নেতাগৰাকীৰ সৈতে অগপৰ নেতৃত্বই বৈঠকত মিলিত হয়। আলোচনা কালত শিৱসেনাৰ মুৰব্বীজনে সম্পূৰ্ণ ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই।

অগপৰ নেতাসকলে বৈঠকত সাম্প্ৰতিক পৰিস্থিতিত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি আৰু প্ৰয়োজনীয়তা সম্পৰ্কতো আলোচনা কৰে। আঞ্চলিকতাবাদৰ সবলীকৰণ তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আগন্তুক সময়ত অগপ আৰু শিৱসেনাই মিলি কাম কৰিবলৈ সহমতত উপনীত হ‌োৱা বুলি কয় অগপৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰিছে।

শিৱসেনাৰ নেতাগৰাকীৰ সৈতে আলোচনা কালত অগপৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ডা০ কমলা কলিতা উপস্থিত আছিল।

উল্লেখ্যোগ্য যে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা  ১২ জুনত এটা প্ৰতিনিধি দল দিল্লীলৈ গৈ নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি স্পষ্ট কৰে।

অগপৰ দলটোৱে অসমৰ ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিবলৈ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰি  এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকে বিধেয়ক খনে অসমৰ ভাষা, সংস্কৃতিৰ লগতে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলোৱাৰ কথাও ৰাষ্ট্ৰপতিৰ আগত উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd