• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সত্ৰনগৰী বৰপেটাক গৰ্বিত কৰিলে বৰপেটাৰ ছেইণ্ট টেৰেজা ইংলিছ স্কুলৰ দুগৰাকী ছাত্ৰীয়ে

NE NOW NEWS আনিচুজ জামান
বৰপেটা , May 25, 2018 6:21 pm

2 min read

Ayesha_Siddka

আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানৰ লগতে ইংৰাজী, গণিত, বিজ্ঞান, উচ্চ গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱা বৰপেটাৰ আয়েচা চিদ্দিকা।

328
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ ছাত্ৰীয়ে ৷ বৰপেটা আজাদ নগৰৰ চুলতানা আয়েচা চিদ্দিকা আৰু মেটুৱাকুছিৰ শ্যামলিনা পাঠক নামৰ ছাত্ৰী দুগৰাকীয়ে ছেইণ্ট টেৰেজা ইংলিছ মিডিয়াম স্কুলৰ পৰা ক্ৰমে তৃতীয় আৰু নৱম স্থান অধিকাৰ কৰি বৰপেটাবাসীক আজিৰ দিনটোত গৰ্বিত হোৱাৰ সুযোগ দিলে ৷

 এই সাফল্যক লৈ বিদ্যালয়খনত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে আনন্দ উল্লাস প্ৰকাশ কৰাৰ লগতে এই গৌৰৱময় ক্ষণত বিদ্যালয়খনত উপস্থিত হৈ কৃতী ছাত্ৰী দুগৰাকীক অভিনন্দন জনায় বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, উপায়ুক্ত থানেশ্বৰ মালাকাৰ, আৰু আৰক্ষী অধীক্ষক ভায়’লেট বৰুৱাই ৷

 আয়েচাই সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰিছে ৷ তেওঁ ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু উচ্চ গণিতত ১০০ ৰ ভিতৰত ১০০কৈ নম্বৰ লাভ কৰাৰ বিপৰীতে সমাজ বিজ্ঞানত ৯৮, অসমীয়াত ৯৩ নম্বৰ লাভ কৰিছে ৷ আয়েচাৰ দেউতাকৰ নাম আৰমান আলী আৰু মাতৃ আচমে মমতাজ ৱাহিদ ৷ দেউতাক পেচাত এজন অভিযন্তা। আয়েচাই নৰ্থ ইষ্ট নাওৰ আগত জনাইছে যে তেওঁৰ জীৱনৰ লক্ষ্য হ’ল এগৰাকী সফল চিকিৎসক হোৱাৰ৷

Syamalina
আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান প্ৰাপ্ত বৰপেটাৰ শ্যামলিনা পাঠক।

ইপিনে নৱম স্থান লাভ কৰা একেখন বিদ্যালয়ৰে ছাত্ৰী শ্যামলিনা পাঠকে অসমীয়াত ৯৩, ইংৰাজীত ৯৯, গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮, আৰু উচ্চ গণিতত ৯৮ নম্বৰ সহ সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰিছে ৷

শ্যামলিনাৰ পিতৃ ড0 ধৰ্মেশ্বৰ পাঠক আৰু মাতৃ হিৰণ্ময়ী পাঠক বৰপেটা ছোৱালী মহাবিদ্যালয়ত অধ্যাপনাৰ সতে জড়িত হৈ আহিছে ৷ শ্যামলিনা এগৰাকী সুগায়িকাও। তেওঁ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে ৷

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd