• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদ্যহতে ৰুমীৰ সপোন এখন হুইলচেয়াৰৰ! এখন হুইলচেয়াৰ হ’লেই চাব পাৰিব তাই সূৰযৰ কিৰণ

NE NOW NEWS মিণ্টু দাস
নগাওঁ , June 20, 2018 9:40 am

2 min read

RumiSarma

নিজৰ ভগা বিছনাখনত দুৰ্ভগীয়া ৰুমী শৰ্মা।

115
VIEWS
Share on FacebookShare on Twitter

বিগত ৮ বছৰে ৰক্তিম সূৰুযৰ কিৰণ নেদেখাৰ দৰে দুৰ্ভাগ্য হৈছে এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ দিন-ৰাতি পাৰ হয় এটা জুপুৰিৰ এটা সৰু কোঠালিত। অনৱৰতে এখন ভগ্নপ্ৰায় শেতেলিত পৰি দিন অতিবাহিত কৰা এই যুৱতী গৰাকীৰ নাম ৰুমী শৰ্মা। নগাঁৱৰ শিঙিয়া পুতনিৰ বিৰহীগাঁ‌ৱঁৰ ডিম্বেশ্বৰ শৰ্মা আৰু নিৰলা শৰ্মাৰ একমাত্ৰ সন্তান ৰুমী শৰ্মা।

৮ বছৰৰ পূৰ্বে ৰুমীৰ আছিল এটা স্বাভাৱিক চপল জীৱন। আছিল জীৱনৰ স্বাভাৱিক ছন্দ-গতি, চকুত অলেখ সপোন। কিন্তু ভাগ্যৰ পৰিহাসত আজি ৰুমী পৰিণত হৈছে এটা কৰুণগাথাত।

৮ বছৰৰ পূৰ্বে ঘৰৰ ভিতৰতে  বিদ্যুৎস্পৃষ্ট হৈ কঁ‌কালত বেয়াকৈ আঘাত পায় ৰুমীয়ে। ওচৰৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰৰ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে।

অৱশেষত ৰুমীক গুৱাহাটীলৈ নিয়া হয়। গুৱাহাটীত চিকিৎসকে ৰুমীৰ কঁ‌কাল ভগাৰ কথা প্ৰকাশ কৰে। অত্যন্ত দুখীয়া পৰিয়ালৰ হোৱা বাবে ৰুমীৰ চিকিৎসা আধৰুৱা কৰি ঘৰলৈ ওভতাই অনা হয়। তাৰ পিছত ৰুমী হৈ পৰিল এখন বিছনাৰ নিত্য সংগী। যোৱা আঠ বছৰে একেই অৱস্থাৰে এখন বিছনাক সাৰথি কৰি দিন কটাব লগীয়া হৈছে ৰুমীয়ে।

ৰুমীৰ কৰুণগাথা ইমানতে শেষ হোৱা নাই। ৰুমীক উন্নত চিকিৎসা দিব পৰাকৈ ঘৰখন মুঠেই সচ্ছল নহয়। ৰুমীৰ বৃদ্ধা মাতৃয়ে কাণেৰে নুশুনে। তাৰোপৰি তেওঁৰ এখন ভৰি অক্ষম প্ৰায়। এইদৰেই তেওঁ ঘৰৰ সকলো কাম কৰাৰ লগতে ৰুমীৰ সমস্ত কামো কৰিব লগা হয়।

আনফালে যথেষ্ট বয়স হোৱা বাবে দেউতাকেও দুয়োটা চকুৰে প্ৰায় নেদেখাই হৈছে।

এই অৱস্থাতো ৰুমীৰ আছে জীয়াই থকাৰ অদম্য হেঁপাহ। দুচকুত আছে এদিন ভাল হোৱাৰ সপোন। আছে মন পুৱাৰ সূৰুযৰ কিৰণৰে কথা পাতিবলৈ।

সদ্যহতে ৰুমীৰ সপোন এখন হুইল চেয়াৰৰ। চৰকাৰৰ কোনো আঁ‌চনিয়ে ঢুকি নোপোৱা ৰুমীয়ে কাতৰ অনুৰোধ জনাইছে- কোনো হৃদয়ৱান ব্যক্তিয়ে তেওঁক অকণমান দয়াৰ চকুৰে চোৱাটো।

অসমৰ কোনো সদাশয় ব্যক্তি, দল-সংগঠনৰ সময় হ’বনে ৰুমীৰ বাবে অকণমান ভাবিবলৈ? অকণমান সহায়ৰ হাত আগ বঢ়াবলৈ? বেছি ডাঙৰ সহায় নহয়, মাথোঁ এখন হুইলচেয়াৰ। এই সপোন পূৰ কৰিবলৈ ৰুমী, তাইৰ মাক-দেউতাকৰ লগতে অঞ্চলটোৰ ৰাইজৰ কাতৰ আহ্বান।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd