• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাজৰ নিম্ন আয়ৰ লোকৰ বাবে অসম চৰকাৰে নিৰ্মাণ কৰিব ৮৩,০০০ বাসগৃহ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 3:20 pm
অসম গৃহ নিৰ্মাণ পৰিষদৰ অভিলাষী আঁচনি। ফটোঃ প্ৰতিনিধিত্বমূলক আৰ্হি

অসম গৃহ নিৰ্মাণ পৰিষদৰ অভিলাষী আঁচনি। ফটোঃ প্ৰতিনিধিত্বমূলক আৰ্হি

127
VIEWS
Share on FacebookShare on Twitter

সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে শীঘ্ৰেই এক সুলভ গৃহ নিৰ্মাণ নীতি গ্ৰহণ কৰিব। অসম চৰকাৰে চহৰাঞ্চলৰ নিম্ন আয়ৰ লোকসকলৰ (এলআইজি) আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (ইডব্লিউজি)লোকসকলৰ বাবে ৮৩,০০০ গৃহ নিৰ্মাণ কৰিব।

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ এখন বৈঠকত প্ৰস্তাৱিত প্ৰকল্পটোৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিম্ন আয়ৰ লোকসকলৰ বাবে সুলভ হাৰত গৃহ আৱণ্টনৰ নীতি প্ৰস্তুত কৰি সোনকালেই চূড়ান্ত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগৰ উন্নয়ন বিভাগক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদক নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াৰ সম্পদসমূহৰ জৰীপ সম্পূৰ্ণ কৰা আৰু সেইবোৰৰ মূল্য নিৰূপণ কৰিবলৈকো নিৰ্দেশ দিছে যাতে পৰিষদে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিব পাৰে।

অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ যাদব ডেকাই বৈঠকত পৰিষদৰ বৰ্তমানৰ কাৰ্যালয় চৌহদত এটা কাৰ্যালয় তথা বাণিজ্যিক ভৱন নিৰ্মাণৰ এক প্ৰস্তাৱিত প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে যিটো মহানগৰীত এটা চকুত লগা অট্টালিকা হিচাপে গঢ়ি তোলা হ’ব। ভাৰত চৰকাৰৰ এটি সংস্থা মেকন লিমিটেডে প্ৰকল্পটোৰ ডিজাইন কৰিছে আৰু ইয়াৰ দ্বাৰা পৰিষদৰ ৰাজহ সৃষ্টি কৰা আৰু ইয়াক স্বাৱলম্বী কৰি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছে।

Recent News

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd