DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমাজ বিকাশৰ কাৰ্য্যসূচীৰ অংশ হিচাপে ডাবৰ ইণ্ডিয়া লিমিটেডে বিদ্যালয়ত দিলে আচবাব

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 14, 2018 2:25 pm
Dabur India Ltd
103
VIEWS
Share on FacebookShare on Twitter

ডাবৰ ইণ্ডিয়া লিমিটেডে নামৰ আয়ুৰ্বেদিক সামগ্ৰীৰ উৎপাদনকৰ্তা কোম্পানিটোৱে অসমত লোৱা সামাজিক বিকাশৰ কাৰ্য্যসূচীৰ অংশ হিচাপে তেজপুৰৰ বিদ্যালয়ত আচবাবৰ যোগান ধৰিছে। জানিব পৰামতে তেজপুৰৰ চাপাগুৰিৰ চৰকাৰী জুনিয়’ৰ বেছিক স্কুললৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ডেস্ক-বেন্স আৰু শিক্ষকৰ বাবে টেবুলৰ যোগান ধৰিছে।

বিদ্যালয়খনক এখন আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰয়াস হিচাপে এয়া কৰা হৈছে বুলি ডাবৰ ইণ্ডিয়া লিমিটেডৰ সূত্ৰই জানিবলৈ দিয়ে। কোম্পানিটোৱে ইয়াৰ স্কুল ছাপ’ৰ্ট প্ৰগ্ৰামৰ অধীনত এই পদক্ষেপ লোৱা বুলি কয়।

এই উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত কোম্পানিটোৱে ১২ যোৰ ডেস্ক-বেন্স আৰু ২ টেবুলৰ দুটা ছেট আগ বঢ়ায়। সূত্ৰটোৱে জনোৱা মতে, কোম্পানিটোৱে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ সম্পূৰ্ণ উন্নীতকৰণ কৰিব। ইয়াৰ ভিতৰত বিদ্যালয়খনৰ অনাময় ব্যৱস্থাও আছে। জানিব পৰা মতে এই কাৰ্য্যসূচী কোম্পানিটোৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লোৱা হৈছে।

উক্ত অনুষ্ঠানটোত উপস্থিতসকলৰ সন্মুখত কোম্পানিটোৰ প্ৰতিনিধি পাৰ্থ গাংগুলীয়ে প্ৰতিজনৰ বাবেই শিক্ষাৰ গুৰুত্ব অনস্বীকাৰ্য্য বুলি মন্তব্য কৰে। ‘আমি বিশ্বাস কৰো যে শিক্ষা হ’ল উন্নত জীৱন যাপনৰ আহিলা হোৱাৰ লগতে সমাজৰ সামগ্ৰিক বিকাশো ই নিশ্চিত কৰে। ডাবৰে বিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিত উৎসাহিত কৰাৰ লগতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমোৱাৰ বাবে প্ৰয়াস কৰিছে।’ এইদৰে কয় গাংগুলীয়ে।

কালিৰ অনুষ্টুপীয়া আনুষ্ঠানিকতাৰ মাজেৰে কোম্পানিটোৱে আচবাববোৰ স্কুল কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰে। উক্ত অনুষ্ঠানটোত বালিপৰাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ আৰু চাপাগুৰিৰ গাওঁ উন্নয়ন সমিতি নাৰ্গেশ্বৰ গয়াৰী উপস্থিত আছিল।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা ডাবৰ কোম্পানিটোৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতাৰ মুখ্য বিষয়া এ সুধাকৰে কয় যে এই পদক্ষেপটো বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ পিছতে গ্ৰহণ কৰা হয়। বিদ্যালয়খনক আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰাই ইয়াৰ উদ্দেশ্য বুলি তেওঁ কয়।

Recent News

শ্বিনা বৰা জীয়াই আছে, বৰ্তমান আছে কাশ্মীৰত! চিবিআইক চিঠি লিখি জনালে ইন্দ্ৰানী মুখাৰ্জীয়ে

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd