• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ : গুৰুত্বপূৰ্ণ শিক্ষা দপ্তৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্যলৈ; বিত্ত আৰু স্বাস্থ্য হিমন্তৰ হাততে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 26, 2018 10:33 pm

3 min read

Sarbananda_Sonowal
211
VIEWS
Share on FacebookShare on Twitter

আজি সম্প্ৰসাৰণ কৰা সোণোৱাল মন্ত্ৰীসভাৰ অলপ সময়ৰ পূৰ্বে দপ্তৰ বিতৰণ কৰা হয়। নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৭জন মন্ত্ৰীলৈ দপ্তৰ দিয়াৰ লগতে পূৰ্বৰ মন্ত্ৰীসকলৰ হাতত থকা বিভাগৰো কিছু সালসলনি হয়।

চৰকাৰৰ সূত্ৰৰ পৰা গম পোৱা মতে, গুৰুত্বপূৰ্ণ শিক্ষা বিভাগটো দিয়া হৈছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক। এই বিভাগটো পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছিল। আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা আন দুটা গুৰুত্বপূৰ্ণ বিভাগ বিত্ত আৰু স্বাস্থ্য এতিয়াও মন্ত্ৰীজনৰ হাততে আছে।

নতুন মন্ত্ৰীসকলৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপৰি পৰিমল শুক্লবৈদ্যই বন আৰু পৰিৱেশ বিভাগটোৰ লগতে মীন আৰু আবকাৰী বিভাগো লাভ কৰিছে। বন বিভাগটো ইয়াৰ পূৰ্বে বি পি এফৰ প্ৰমীলাৰাণী ব্ৰহ্মৰ হাতত আছিল। ডিফুৰ বিধায়ক ছুম ৰংহাঙৰ ভাগত পৰিছে  পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য। সেইদৰে নতুন মন্ত্ৰী অগপৰ ফণীভূণষ চৌধুৰীৰ হাতত পৰিছে  খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।

বি পি এফৰ বিধায়ক চন্দন ব্ৰহ্মই পাইছে পৰ্য্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই পাইছে জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক) বিভাগ। আছু ত্যাগ কৰি নতুনকৈ বিজেপিত যোগদান কৰা সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈয়ে লাভ কৰিছে শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)। তাৰোপৰি বিসম্বাদেৰে কংগ্ৰেছ এৰি হিমন্ত বিশ্বৰ সৈতে বিজেপিত একেলগে যোগদান কৰা জাগীৰোড সমষ্টিৰ পীযুষ হাজৰিকাই পাইছে নগৰ উন্নয়ন (স্বতন্ত্ৰ) আৰু  স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ (ৰাজ্যিক) মন্ত্ৰিত্ব।

মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকাখন এনে ধৰণৰ :-

সৰ্বানন্দ সোণোৱাল

মু্খ্য মন্ত্ৰী, গৃহ, ৰাজনৈতিক, কৰ্মচাৰী, সাধাৰণ প্ৰশাসন, সচিবালয় প্ৰশাসন, অসম চুক্তি ৰূপায়ণ, প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ, নিৰ্বাচন, তথ্য আৰু জনসংযোগ, সীমান্ত অঞ্চল উন্নয়ন, ক্ৰীড়া আৰু যুৱ কল্যাণ, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু আন মন্ত্ৰীৰ হাতত নথকা সকলো দপ্তৰ।

ড০ হিমন্ত বিশ্ব শৰ্মা

বিত্ত, গড়কাপ্তানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ট্ৰেন্সফৰ্মেইশ্যন এণ্ড ডেভলপমেণ্ট।

অতুল বৰা

কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, নগৰ আৰু পয়ঃ প্ৰণালী উন্নয়ন।

প্ৰমীলাৰাণী ব্ৰহ্ম

সমাজ কল্যাণ, ভূমি সংৰক্ষণ।

কেশৱ মহন্ত

জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা (পুথিভঁৰাল আৰু পুৰাতত্ত্ব)।

পৰিমল শুক্লবৈদ্য

বন আৰু পৰিৱেশ, মীন আৰু আবকাৰী।

ৰঞ্জিত দত্ত

হস্ততাঁত আৰু বস্ত্ৰশিল্প, সংখ্যালঘু উন্নয়ন।

চন্দ্ৰমোহন পাটোৱাৰী

উদ্যোগ আৰু বাণিজ্য, পৰিবহণ, সংসদীয় পৰিক্ৰমা, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, দক্ষতা বিকাশ আৰু নিয়োগ

সিদ্ধাৰ্থ ভট্টাচাৰ্য

শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), গুৱাহাটী উন্নয়ন, আইন আৰু ন্যায়।

ছুম ৰংহাং

পাৰ্বত্য উন্নয়ন আৰু খনি আৰু খনিজাত দ্ৰব্য।

ফণীভূষণ চৌধুৰী

খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ।

চন্দন ব্ৰহ্ম

পৰ্যটন, ভৈয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ।

ৰিহণ দৈমাৰী

জনস্বাস্থ্য কাৰিকৰী আৰু সমবায়।

নৱ কুমাৰ দলে

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (স্বতন্ত্ৰ), সাংস্কৃতিক পৰিক্ৰমা (স্বতন্ত্ৰ)
(পুথিভঁৰাল আৰু পুৰাতত্ত্বৰ বাহিৰে), বন আৰু পৰিৱেশ (ৰাজ্যিক)।

পল্লৱলোচন দাস

শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ), চাহ জনজাতিৰ কল্যাণ (স্বতন্ত্ৰ), শিক্ষা (ৰাজ্যিক)।

ভৱেশ কলিতা

জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক)।

তপন কুমাৰ গগৈ

শক্তি (স্বতন্ত্ৰ), গড়কাপ্তানী (ৰাজ্যিক)।

পীয়ূষ হাজৰিকা

নগৰ উন্নয়ন, (পয়ঃপ্ৰণালী পৰিকল্পনাৰ বাহিৰে) (স্বতন্ত্ৰ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ (ৰাজ্যিক)।

 

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd