• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক প্রণয় বৰদলৈক পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 25, 2018 9:26 am

2 min read

5
198
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক শনিবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাসৰ সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিকজনৰ জন্মদিনত আয়োজন কৰা এখন সভাত সাংবাদিকজনক এই বটাঁ প্ৰদান কৰা হয়।

বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদে বৰদলৈক এই বঁটা প্ৰদান কৰে।এই বটাঁত আছে এখন ফুলাম গামোচা, এটি ফুলৰ থোপা, এখন অভিনন্দন-পত্ৰ আৰু এটি স্মাৰকৰ লগতে নগদ  ২৫ হাজাৰ টকা।

বটাঁ প্ৰদান কৰি শিক্ষাবিদ টাইডে কয়, ‘আমাৰ সমাজৰ পৰা পৰাগ কুমাৰ দাসৰ দৰে স্পষ্টবাদী, বলিষ্ঠ সাংবাদিক হেৰাই যোৱাটো দুৰ্ভাগ্যজনক। ছাত্ৰ অৱস্থাৰে পৰা মেধাৱী পৰাগে সাংবাদিকতাৰ ক্ষেত্ৰখনত সত্যনিষ্ঠতা, সামাজিক দায়বদ্ধতাৰে কাম কৰিছিল।‘’

বিশিষ্ট লেখক, বুৰঞ্জীবিদ লক্ষ্মীনাথ তামুলীয়ে সঞ্চালনা কৰা এই সভাত প্ৰথমে প্ৰয়াত সাংবাদিকজনৰ পত্নী পূৰৱী দাসে পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে।

বটাঁ গ্ৰহণ কৰি আপোচহীনভাৱে সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি যাব বুলি প্ৰণয় বৰদলৈয়ে ব্যক্ত কৰে।  দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা পৰাগ কুমাৰ দাসৰ হত্যাৰ ন্যায় আজিও নোপোৱাত বৰদলৈয়ে আক্ষেপ প্ৰকাশ কৰে।

অসমৰ বিগত সময়ত নিখোজ হোৱা প্ৰায় ডেৰ কুৰি সাংবাদিকেও উচিত ন্যায় পাব লাগে বুলি বৰদলৈয়ে ভাষণত দাবী কৰে।

অনুষ্ঠানটো সঞ্চালনা কৰা বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে কয় যে কেন্দ্ৰৰ হেঁচাত গুপ্তহত্যা সংঘটিত হৈছিল আৰু এনে হত্যাকাণ্ডৰ কথা সেই সময়ৰ চৰকাৰ প্ৰশাসনৰ প্ৰতিজন বিষয়াই জানিছিল। কিন্তু কথাবোৰ কোনোৱে মুকলি নকৰিলে। এতিয়া জাতিৰ নায়কে জাতিটোকে বিলুপ্ত কৰিবলৈ উঠিপৰি লাগিছে।

এই সময়ত সততাৰে সাংবাদিকতা কৰাটো কঠিন কাম বুলি তামুলীয়ে মন্তৱ্য কৰে। সভাত ময়ূৰ বৰা, নিত্য বৰা, অপূৰ্ব বৰুৱা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

IMG_20210225_133421

পথচাৰীৰ মাজত হাহাকাৰঃ পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ সাঁকো পুৱতি নিশা জ্বলাই দিলে দুৰ্বৃত্তই

117215353_cardinal4-750x375

পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ ‘উভয় লিংগ’ৰ পক্ষীৰ সন্ধান লাভ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd