DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাহিত্য সভাৰ নিৰ্বাচনৰ ভিতৰুৱা কথা : বহুতেই গম নাপায় সভাপতি হিচাপে নিজৰ নাম থকাৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 11:40 am
সাহিত্য সভাৰ নিৰ্বাচনৰ ভিতৰুৱা কথা : বহুতেই গম নাপায় সভাপতি হিচাপে নিজৰ নাম থকাৰ কথা
92
VIEWS
Share on FacebookShare on Twitter

আজিৰ তাৰিখত ঘটা অসম সাহিত্য সভাৰ স্খলনৰ বিষয়ে নতুনকৈ জনাব লগীয়া একো নাই। কিন্তু শেহতীয়া সভাপতি নিৰ্বাচনৰ পিছত বিতৰ্কিত ব্যক্তিয়ে সন্মানীয় পদটো লাভ কৰাৰ পিছত বিভিন্নজনৰ অনুসন্ধানত এটা কথা পোহৰলৈ আহিছে যে সভাপতি পদৰ প্ৰাৰ্থী হিচাপে নাম থকা বহুকেইজন লোকে তেওঁলোকে যে সভাপতি পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে গমেই নাপায়। নিৰ্বাচনৰ নামত সাহিত্য সভাই কেৱল ভেঁকো-ভাওনাই নহয়, বৰেণ্য সাহিত্যিকসকলকো অপমান কৰিলে। সংবিধান সংশোধন কৰাৰ নামত পৰমানন্দ ৰাজবংশীয়ে নিজে সভাপতি হোৱাৰ বাট মুকলি কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে।

জানিব পৰামতে সংবিধানৰ বৰ্তমানৰ নিয়মমতে শাখা আৰু জিলা সাহিত্য সভাৰ পৰা নিজৰ পচন্দৰ ব্যক্তিৰ নাম প্ৰাৰ্থী হিচাপে প্ৰেৰণ কৰিব পাৰে। যিজন ব্যক্তিৰ নাম শাখা তথা জিলাৰ পৰা বেছিকৈ আহে তেৱেঁ নিৰ্বাচিত হয়। এতিয়া কথা হ’ল- শাখা/জিলা সভাবোৰ কাৰ প্ৰভাৱেৰে চলি আছে। সেইবোৰত কাৰ মানুহ আছে? লগতে তেওঁলোকক কাৰ নাম প্ৰস্তাৱ কৰিলে লাভ হোৱাৰ অংক দেখুওৱা হয়? এই নতুন ব্যৱস্থাটোৰ জৰিয়তে কাৰ সুবিধা সৃষ্টি কৰা হ’ল?

তাৰোপৰি প্ৰশ্ন হয় শাখা/জিলা সভাবোৰ এনে পৰ্য্যায়ত চলি আছে নে যিবোৰে পৰমানন্দক কুল শইকীয়া, য়েছে দৰজে ঠংছিতকৈ, নাহেন্দ্ৰ পাদুন, ড০ ৰমেশ পাঠক আদিতকৈ বেছি সাহিত্যিক বুলি ভাবে? সাহিত্য সভাৰ সভাপতিৰ বাবে বেছি উপযুক্ত লোক বুলি ভাবে?

খবৰ কৰি জানিব পৰামতে অসম সাহিত্য সভাই তালিকা প্ৰকাশ কৰাৰ পূৰ্বে সভাপতিৰ নিৰ্বাচনৰ তালিকাত নাম থকা বহুতেই নিজৰ প্ৰাৰ্থিত্ব সম্পৰ্কে অৱগত নহয়। তাৰোপৰি পূৰ্বে এবাৰ সভাৰ সভাপতি হোৱাৰ পিছতো হোমেন বৰগোহাঞিৰ নাম আকৌ সভাপতি হিচাপে প্ৰক্ষেপিত হোৱাৰ আঁৰতো ষড়যন্ত্ৰৰ গোন্ধ পাইছে ৰাইজে।  বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে এইদৰে এজন বিতৰ্কিত অসাহিত্যিক ব্যক্তিৰ হাতত পৰাজিত কৰোৱাই বৰেণ্য সাহিত্যিকসকলক অপমান কৰাৰ অধিকাৰ অসম সাহিত্য সভা তথা পৰমা বাহিনীয়ে ক’ত পালে?

আনহাতে কালি সাংবাদিকৰ আগত পৰমানন্দ ৰাজবংশীয়ে তেওঁ নিজে সভাপতি হোৱাৰ ইচ্ছা কৰা নাছিল অসমৰ মানুহে তেওঁক জোৰ কৰা বাবেহে হৈছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে। লগতে তেওঁ কৈছিল, ‘ঠংছি ককাইদেউ দ্বিতীয় স্থানত থকা হ’লেও তেওঁকে মই পদটো দিলো হেঁতেন।’

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd