• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সুকীয়া বৈশিষ্টৰে সমৃদ্ধ মটক সকল নিৰ্ভীক আৰু সাহসী জাতি’- স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 9:17 am
27-05-18 Tinsukia- CM at Swargadeo Sarbananda Singha Divas (5)

তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দিয়াৰ মুহূৰ্ত। ফটো : ইউ বি

34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘স্বৰ্গদেউ সৰ্বানন্দ সিংহই ৰাজ্য শাসনৰ ক্ষেত্ৰত জনগণৰ দ্বাৰা জনগণৰ বাবে নীতি আৰু আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে। এই মহান পুৰুষ গৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই ৰখাত মটক জনগোষ্ঠীয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব। মটক জনগোষ্ঠী অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। সুকীয়া বৈশিষ্টৰে সমৃদ্ধ মটক সকল নিৰ্ভীক আৰু সাহসী। এই জাতিয়ে বীৰ পুৰুষ গৰাকীৰ আদৰ্শ কৰ্মপথাৰত মূল্যাঙ্কন কৰিব লাগিব আৰু আগন্তুক দিনত ৰাজ্যখনক আগুৱাই নিবৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।‘

দেওবাৰে তিনিচুকীয়া জিলাৰ আই টি আই খেলপথাৰত মটক জনগোষ্ঠীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক যুৱ আৰু ছাত্ৰ সংগঠনৰ দ্বাৰা আয়োজিত ২১৩ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি প্ৰদান কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এটা জাতি আগবাঢ়ি যাবলৈ হ’লে প্ৰবাদপুৰুষ সকলৰ আদৰ্শ অনুকৰণ কৰিব লাগিব। আদৰ্শ পুৰুষ চাওলুং চ্যুকাফা, স্বৰ্গদেউ সৰ্বানন্দ সিংহ, লাচিত বৰফুকন, বীৰাঙ্গনা সতি সাধনী, বডোচা আদিয়ে অসমীয়া জাতিক বিশ্ব দৰবাৰত বীৰদৰ্পে আগুৱাই যোৱাৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদান কৰিছে। এই মহান পুৰুষসকলৰ আদৰ্শ অনুসৰণ কৰি তেখেতসকলৰ আদৰ্শ কৰ্মপথাৰত প্ৰতিফলন কৰিলেহে এই আদৰ্শ যুগে যুগে জীয়াই থাকিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমীয়া জাতিৰ সম্পদ আৰু সম্ভাৱনা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে জাতিটোৰ আধ্যাত্মিক দিশত শক্তিশালী কৰিছে। এই জাতিটোৰ মাজত শান্তি-সম্প্ৰীতি, সমন্বয় আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ বাবে সকলোৱে দায়িত্ব হ’ব লাগিব।

একবিংশ শতিকাৰ প্ৰতিযোগিতাত অসমীয়া জাতিয়ে যোগ্যতাৰ প্ৰমাণ দিবলৈ হ’লে উঠি অহা প্ৰজন্মক অধিক প্ৰতিযোগিতামুখী কৰি গঢ়ি তুলিব লাগিব। এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে ৰাজ্যখনৰ প্ৰতিটো সৰু-বৰ জাতি জনগোষ্ঠীৰ সামৰ্থ আৰু সম্ভাৱনাৰ বিকাশ ঘটোৱা তথা সংস্কৃতি আৰু ঐতিহ্য অক্ষুন্ন ৰখা। চৰকাৰে মুক্ত মনেৰে কাম কৰি আছে আৰু কোনো কাৰণতে কোনো জাতি-জনগোষ্ঠী শংকিত হ’ব নালাগে বুলিও মুখ্যমন্ত্ৰী সোণোৱালে কয় ।

গুৰুজনাই সমন্বয়ৰ আদৰ্শ সমাজত বিয়পাই গৈছে আৰু এই আদৰ্শেৰে অসম চৰকাৰে কাম কৰিছে বুলিও মুখ্যমন্ত্ৰী সোণোৱালে কয়। মুখ্যমন্ত্ৰী সোণোৱালে লগতে বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ সতি- সন্ততি সকলে একত্ৰিত হৈ জাতিটোক আগুৱাই নিবৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত শীঘ্ৰে গুৱাহাটীত এটা ভৱন নিৰ্মাণ কৰা হ’ব তথা মটক ৰজাৰ শাসন কালছোৱাৰ সময়ৰ অস্ত্ৰ-শস্ত্ৰ আৰু আপুৰুগীয়া সম্পদৰাজি প্ৰদৰ্শনৰ বাবে এটা সংগ্ৰহালয়ো এই ভৱনতে নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে এই ভৱন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়। মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ বাবে ধলা-শদিয়াৰ দলঙৰ ওচৰত  এটা একতা ভৱন নিৰ্মাণ কৰা হ’ব আৰু অনিৰুদ্ধদেৱৰ নামেৰে চাবুৱাত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব।

সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে সাংস্কৃতিক পৰিক্ৰমা বিভাগে অহা বৰ্ষৰ পৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস চৰকাৰী কাৰ্যসূচী ৰূপে আয়োজন কৰিব। ৰাজ্যখনৰ বিভিন্ন স্থানত এই দিৱস অনুষ্ঠিত কৰা হ’ব যাতে তাৰ জৰিয়তে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আদৰ্শ প্ৰতিটো স্তৰতে বিয়পাই তুলিব পৰা যায় আৰু সমন্বয় সুদৃঢ় হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd