স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ পাঁচ দিন। হয়, ৭২ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ প্ৰতিখন জিলালৈ এক স্পষ্ট নিৰ্দেশনাৰ জৰিয়তে জাৰি কৰিছে হাই এলাৰ্ট ।
উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিন চমু চাপি অহাৰ সময়তে বিগত কিছু দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উগ্ৰপন্থী সদস্য গ্ৰেপ্তাৰ হোৱাৰ লগতে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰই শংকিত কৰি তুলিছে ৰাজ্যৰ আৰক্ষী বিভাগক। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি আৰক্ষীয়ে এই হাই এলাৰ্ট জাৰি কৰিছে।
স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত ৰাজ্যত কূটাঘাত মূলক কাৰ্যকলাপ বৃদ্ধি কৰাৰ উদ্দেশ্যে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ তৎপৰতা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা গৈছে। উজনি অসমৰ প্ৰায় দুই শতাধিক যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য সেনাই ফাদিল কৰাৰ পাছতে এতিয়া ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই নিৰাপত্তাৰ বিশেষ নিৰ্দেশনা জাৰি কৰে।
ইয়াৰ উপৰি প্ৰতিখন জিলাতে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও সঞ্চালক প্ৰধান জনে সকলো জিলাৰে আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।
আনহাতে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সমূহত নিৰাপত্তা কটকটীয়া কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ১৪৪ ধাৰা জাৰি কৰিবলৈও আৰক্ষী অধীক্ষক সমূহক আহ্বান জনায়।
ইফালে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। নিশা মহানগৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত উগ্ৰপন্থী বিৰোধী অভিযান চলোৱাৰ লগতে ৰাজপথত তালাচী অভিযান চলাই আছে।