• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বায়ত্তশাসিত পৰিষদ : চোৰাংচোৱা বিষয়া ৰবিক গৃহ মন্ত্ৰীক পৰামৰ্শ দিবলৈ প্ৰত্যাহ্বান তৰুণ গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 1, 2018 7:16 pm
rn ravi vs tarun gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৰুণ গগৈ অসমৰ মুখ্য মন্ত্ৰী হৈ থাকোতে সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তা আৰু ভোটৰ অংকত বহুকেইখন জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদ বা উন্নয়ন পৰিষদ গঠন কৰি অসমৰ সমাজক বহুধাবিভক্ত কৰা বুলি দেশৰ যুটীয়া চোৰাংচোৱা সমিতিৰ মুৰব্বী আৰ এন ৰৱিয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

সাহস আছে যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক এই পৰিষদসমূহ ভাঙি দিবলৈ পৰামৰ্শ দিবলৈ গগৈয়ে ৰৱিক প্ৰত্যাহ্বান জনায়। ‘সাহস আছে যদি তেওঁ ৰাজনাথ সিঙক এই পৰিষদসমূহ ভাঙি দিবলৈ কওক,’ শীৰ্ষ চোৰাংচোৱা বিষয়াজনক প্ৰত্যাহ্বান তৰুণ গগৈৰ।

Apply Now

উল্লেখযোগ্য যে ‘উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষজ্ঞ’ৰূপে ৰাষ্ট্ৰীয় নিৰাপত্তা ক্ষেত্ৰত জনাজাত ভাৰতীয় চোৰাংচোৱা সংস্থা আইবি-ৰ প্ৰাক্তন বিশেষ সঞ্চালক তথা নাগা শান্তি আলোচনাত ভাৰতৰ মধ্যস্থতাকাৰী ৰৱিক দেশৰ যুটীয়া চোৰাংচোৱা সমিতিৰ মুৰব্বীৰূপে যোৱা ২০১৪ চনৰ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যালয়ে নিযুক্তি দিছিল। যুটীয়া চোৰাংচোৱা সমিতি ভাৰতৰ অসামৰিক চোৰাংচোৱা সংস্থা আইবি আৰু ৰ-ৰ লগতে সামৰিক চোৰাংচোৱা সংস্থাসমূহৰ যৌথ সমিতি।

বিজেপিয়ে আনকি জনজাতীয় অঞ্চলসমূহ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথালৈও আঙুলিয়াই প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

বিজেপিয়ে এই পৰিষদসমূহ ৰখাই নহয় তেওঁলোকৰ লগত মিত্ৰতাও কৰিছে বুলি মন্তব্য কৰি গগৈৰ প্ৰশ্ন ‘স্বায়ত্ব শাসিত পৰিষদসমূহৰ আৱশ্যকতা যদি নায়েই, তেনেহ’লে বিজেপি চৰকাৰে সেইবিলাক কিয় জীয়াই ৰাখিছে।’

‘স্বায়ত্বশাসিত পৰিষদ আমি ভোটৰ অংকত কৰিছো নে কিয় কৰিছো আৰ এন ৰবি এই বিষয়ে ক’বলৈ কোন? অসমৰ জনজাতিৰ বিষয়ে তেওঁ কি জানে? তেওঁ এজন অফিচাৰহে,’ ৰৱিক উভটি ধৰি গগৈৰ মন্তব্য।

অসমৰ স্বায়ত্তশাসিত পৰিষদসমূহ সন্দৰ্ভত ৰৱিয়ে কৰা মন্তব্য নস্যাৎ কৰাতে ক্ষান্ত নাথাকি গগৈয়ে ‘দেশৰ নক্সাল অধ্যুষিত ৰাজ্যৰ উগ্ৰপন্থীৰ সমস্যা সমাধান কৰিবলৈ তাত স্বায়ত্ত শাসন আৰু উন্নয়ন পৰিষদ গঠন কৰাৰ প্ৰয়োজনীয়তা আছে’ বুলিও গগৈয়ে মন্তব্য কৰে। ‘জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে সেই অঞ্চলসমূহত স্বায়ত্ত শাসন আৰু উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়াইছিলো,’ গগৈৰ দাবী।

বিজেপি নেতৃত্বাধীন চৰকাৰখনক ‘জনজাতি বিৰোধী’ আৰু ‘পিচপৰা শ্ৰেণী বিৰোধী’ বুলি আখ্যা দি গগৈয়ে আজি ১ জুলাইত সাংবাদিকক কয় যে বিজেপি চৰকাৰে উন্নয়ন পৰিষদসমূহক টকা দিয়া নাই আৰু দিয়া ধনৰ পৰিমাণো কংগ্ৰেছৰ দিনতকৈ হ্ৰাস কৰিছে।

উল্লেখ্যোগ্য যে নতুন দিল্লীস্থিত নেহৰু মে’মৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰিত অনুষ্ঠিত ‘ইণ্ডিয়া নেচনেল ছিকিয়ৰিটি’ শীৰ্ষক এক আলোচনাচক্ৰত চোৰাংচোৱা বিষয়া ৰৱিয়ে ‘সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তাৰ বাবে তথা ভোটৰ ৰাজনীতি কৰিবলৈ গৈ তাকৰীয়া জনসংখ্যা সত্ত্বেও বহুকেইটা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ অথবা উন্নয়ন পৰিষদ গঠন কৰি দি বিভিন্ন প্ৰকাৰে প্ৰলোভিত কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ৰাজনৈতিক মুনাফা আদায়ৰ অভিসন্ধিৰে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বায়ত্তশাসিত অথবা পৰিষদসমূহ গঠন কৰি অসমীয়া সমাজখনক বহুধাবিভক্ত কৰিছিল’ বুলি মত প্ৰকাশ কৰিছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd