• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰুসজাইত ধুমুহাৰ সৈতে মিতিৰালি পাতি ধিং এক্সপ্ৰেছ হিমাৰ স্বৰ্ণ পদক

NE NOW NEWS মুকুট দাস
গুৱাহাটী , June 29, 2018 8:42 pm

2 min read

Hima Das_facebook

হিনা দাসৰ ফাইল ফটো

115
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীত অনুষ্ঠিত ৫৮ সংখ্যক নেশ্যনেল ইণ্টাৰ ষ্টেট এথলেটিকছ চেম্পিয়নশ্বিপৰ অন্তিম প্ৰতিযোগিতাত ৪০০ মিটাৰ দৌৰৰ প্ৰতিযোগিতাত ধিং এক্সপ্ৰেছ হিমা দাসে সোণৰ পদক লাভ কৰিছে।

হিমাই নিৰ্ধাৰিত ৪০০ মিটাৰৰ দূৰত্ব ৫১.১৩ ছেকেণ্ডত সমাপ্ত কৰে।

উল্লেখ্য যে যোৱা বুধবাৰে আনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ দৌৰতো হিমাই সোণৰ পদক লাভ কৰিছিল।

হিমাই ২৩.১০ ছেকেণ্ডত এই দূৰত্বখিনি অতিক্ৰম কৰিবলৈ সক্ষম হোৱাত তেওঁৰ বাবে ইণ্ডোনেছিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত যোগদানৰ পথ মুকলি হয়।

৫৮ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰিচিল যে অসমৰ গৌৰৱ হিমা দাসে ভৱিষ্যতে গৌৰৱ কঢ়িয়াই আনিব পাৰিব। তেওঁ লগতে অসমৰ আন আন উঠি অহা খেলুৱৈসকলৰ অন্তৰতো আশাৰ সঞ্চাৰ কৰিছিল।

উল্লেখ্য যে হিমা দাস হৈছে গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ব্ৰেণ্ড এম্বেছেডৰো।

সৰুসজাইৰ ইন্দিৰা গান্ধী ক্ৰীড়া চৌহদত উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আয়োজন কৰা সংবাদ মেলত উপস্থিত থকা কিংবদন্তি এথলিট পিটি উষাই হিমাক প্ৰশংসাৰে উপচাই দিছিল।

হিমা দাসৰ ঘৰ হৈছে নগাঁও জিলাৰ ধিঙত। তেওঁ চলিত বৰ্ষত অষ্ট্ৰেলিয়াৰ গল্ড ক’ষ্টত অনুষ্ঠিত ২১ সংখ্যক কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd