• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱালৰ অনুমতি নোহোৱাকৈ কেনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনালে অ’ এছ ডি শ্বেখৰ দে’ই? প্ৰশ্ন অখিল গগৈৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 1, 2018 10:29 pm

2 min read

KMSS

কৃষক মুক্তিৰ সংবাদমেলত অখিল গগৈ আৰু দুই সতীৰ্থ।

97
VIEWS
Share on FacebookShare on Twitter

সৰ্বানন্দ সোণোৱালে বৰাকৰ অ’ এছ ডি অৰ্থ্যাৎ বিশেষ কৰ্তব্যৰত বিষয়া শ্বেখৰ দে’ই North East Linguistic & Ethnic Co-Ordination Committee নামৰ ২৫ দিন পূৰ্বে গঠন হোৱা এটা সংগঠনক কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিবৰ বাবে লৈ গৈছিল বুলি আজি এক সংবাদ মেলত অভিযোগ তোলে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় “সৰ্বানন্দ সোণোৱালৰ সন্মতি নোহোৱাকৈ এটা বিতৰ্কিত বিষয়ত (যিটো বিষয়ত সৰ্বানন্দ সোণোৱালে লাজ-লাজকৈ অসমীয়া জাতিৰ বিপক্ষে কেতিয়াও কাম নকৰো বুলি কৈ থাকে) তেনেকুৱা এটা বিষয়ত তথা হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবৰ কাৰণে ওকালতি কৰিবলৈ শ্বেখৰ দে’ক মুখ্য মন্ত্ৰীয়ে কিয় পঠাইছিল?”

মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াক পাবত গজা সংগঠনৰ সৈতে হিন্দু বাংলাদেশীৰ হৈ ৰাজনাথ সিঙৰ ওচৰত ওকালতি কৰিব বিচৰা ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে স্বয়ং মুখ্য মন্ত্ৰীয়ে অসমলৈ হিন্দু বাংলাদেশী অনাটো বিচাৰে। এইদৰে ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীলৈ সন্দেহৰ আঙুলি টোঁৱায় কৃষক নেতা অখিল গগৈয়ে।

ইফালে, উক্ত সংবাদমেলতে অসমীয়া ৰাইজক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত চেহেৰা তথা চৰিত্ৰ বুজি উঠিবৰ বাবে আহ্বান জনোৱাৰ লগতে তেওঁ এইবুলিও কয় “মুখ্য মন্ত্ৰীৰ এই প্ৰকৃত চেহেৰা চোৱাৰ পাছত আচলতে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতি মোহ ত্যাগ কৰিবৰ বাবে অসমবাসীক অনুৰোধ জনাইছো।”

“সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈছে বাবে বহুতে তেওঁক জাতীয়তাবাদী মানুহ বুলি ভাবি থাকে -এই কথাটো সম্পূৰ্ণৰূপে মিছা।” অখিলে এনেদৰে উল্লেখ কৰে।

আনহাতে, “সোণোৱাল আৰ এছ এছ বিজেপিৰ ওচৰত বিক্ৰী গৈছে।” বুলি কটাক্ষ কৰি অখিলে লগতে কয় “তেওঁ নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে দিল্লী আৰু নাগপুৰৰ ওচৰত শৰণাপন্ন হৈছে। তেওঁ আত্মসমৰ্পণ কৰিছে।”

সেয়েহে অসমীয়া মানুহে এনেকুৱা এগৰাকী আত্মসমৰ্পণকাৰী নেতাৰ ওপৰত ভৰসা কৰি থকাটো কেতিয়াও শুভ লক্ষণ নহয় বুলি অখিলে সংবাদমেলত মত প্ৰকাশ কৰে।

Recent News

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd