• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ কৃতীমানে উজলালে বৰপেটা জিলাৰ মান

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , May 25, 2018 12:47 pm

2 min read

01

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান দখল কৰা বৰপেটা চহৰৰ চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ চুলতানা আঈশ্বাহ ছিদ্দিকা

113
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা জিলাৰ চাৰিগৰাকী কৃতীমানে প্ৰথম দহটা স্থানত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ঘোষিত ফলাফলত বৰপেটা জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দুগৰাকী কৃতীমান অবিনাশ কলিতা আৰু নিবীড় ডেকাই ৰাজ্যখনৰ ভিতৰত ক্ৰমে দ্বিতীয় আৰু পঞ্চমস্থান লাভ কৰে।

আনহাতে বৰপেটা চহৰৰ চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ দুগৰাকী ছাত্ৰীয়ে তৃতীয় আৰু নৱমস্থান লাভ কৰিছে।

বৰপেটা চহৰৰ আজাদ নগৰৰ নিবাসী তথা জলসিঞ্চন বিভাগৰ সৰুপেটা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰমান আলী খানৰ কন্যা চুলতানা আঈশ্বাহ ছিদ্দিকাই ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰে।

ছিদ্দিকাই সাধাৰণ গনিত, ঐচ্চিক গনিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজীত ১০০ নম্বৰকৈ লাভ কৰাৰ লগতে সমাজ বিজ্ঞানত ৯৮ আৰু অসমীয়াত ৯৩ নম্বৰ লাভ কৰে। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্যৰে সম্প্ৰতি ৰাজস্থানৰ ক’টাত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ আশা পুহি ৰাখিছে।

উল্লেখ্য যে বেডমিন্টন খেলি আৰু গান শুনি ভালপোৱা আঈশ্বাহ ছিদ্দিকাই পৰীক্ষাৰ পূৰ্বে ১০-১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল। মাতৃ আশ্মে মমতাজ ৱাহিদে আঈশ্বাহ ছিদ্দিকাৰ পঢ়াশুনাত বিশেষ তৎপৰতা অৱলম্বন কৰিছিল। প্ৰথম দহটা স্থানত স্থান লাভ কৰিব বুলি নিশ্চিত থকা আঈশ্বাহ ছিদ্দিকাই অসমীয়া বিষয়ত কম নম্বৰ লাভ কৰাত মনত বেজাৰ পোৱা বুলি জানিবলৈ দিছে।

ইপিনে চেইণ্ট টেৰেচা ইংৰাজী হাইস্কুলৰ শ্যামলিনা পাঠকে নৱমস্থান দখল কৰি সত্ৰনগৰী বৰপেটালৈ কঢ়িয়াই আনিছে গৌৰৱ।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd