DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰৰ বিদ্যালয়ত হাতে বোৱা কাপোৰৰ ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ আহ্বান

সভাপতি চামম by সভাপতি চামম
March 23, 2018 6:27 pm
handloom
286
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিদ্যালয়সমূহত হাতে বোৱা কাপোৰৰ পৰা তৈয়াৰ কৰা ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে মণিপুৰ হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট কৰ্প’ৰেইশ্যন লিমিটেডে।

নিগমটোৰ পৰিচালন সঞ্চালক কে লামলি কামেইয়ে জানিবলৈ দিছে যে মণিপুৰৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানলৈ হাতে বোৱা কাপোৰ যোগান ধৰাৰ বাবে  এই নিগমটোৱে সদৌ মণিপুৰ স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয় কল্যাণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে।

এই নিগমটোৰ প্ৰধান উদ্দেশ্য হৈছে চৰকাৰী, ব্যক্তিগত, কোনো বিধিসন্মত গোট, কোম্পানি, পাম আদি নিৰ্বিশেষে ৰাজ্যখনৰ সকলো হস্ততাঁত আৰু হস্তশিল্পৰ গোটসমূহৰ বিকাশ, সাহায্য, উপদেশ, সহায়তা, বিত্ত যোগান আৰু স্বাৰ্থক সুৰক্ষা প্ৰদান কৰা।

কামেইয়ে আৰু কৈছে যে নিগমে বিশেষকৈ নতুন দিল্লীৰ পানথইবি মণিপুৰ এম্প’ৰিয়াম আৰু কলকাতাৰ দক্ষিণাপনত পুনৰ বিক্ৰি কৰাৰ বাবে স্থানীয় হস্ততাঁত আৰু হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰী কিনি লৈছে।

কামেইয়ে কোৱা মতে নিগমে নেশ্যনেল হেণ্ডলুম এক্সপো, গান্ধী শিল্প বাজাৰ, স্পেচিয়েল হেণ্ডলুম এক্সপো আৰু সাজ পোচাকৰ থিমেটিক একজিবিশ্যন আৰু মণিপুৰত বস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীক উৎসাহ আৰু বিকশিত কৰাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত মণিপুৰৰ ৫টা ব্লকৰ ৯২৫০ গৰাকী শিপিনিৰ বাবে ৭৯৯.৭৬৪ টকা মোকোলাই দিয়া হৈছে।

তেওঁ উল্লেখ কৰিছে যে হস্ততাঁত আৰু হস্তশিল্পীসকলৰ সময় ৰাহি কৰাৰ বাবে ৰাজ্যখনত হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী বিলি আঁচনি এখন প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে তাঁতী আৰু  ৰাষ্ট্ৰীয়/ৰাজ্যিক পৰ্যায়ৰ এক্সপো পাতি তাৰ জৰিয়তে হস্তশিল্পীসকলৰ ঘৰৰ সমুখতে কেঁচা সামগ্ৰী উপলব্ধ কৰোৱা আৰু এম্পোৰিয়াম আৰু অন্যন্য সংস্থাসমূহৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰা।

এতিয়ালৈকে ৰাজ্যখনৰ সকলোকেইখন জিলাৰে মুঠ ৮৬৭৪গৰাকী তাঁতীক বস্ততাঁত বিলি আচনিত সামৰি লোৱা হৈছে আৰু বায়’মেট্ৰিক ব্যৱস্থাৰ জৰিয়তে তাঁতীসকলক তালিকাভুক্ত কৰি থকা হৈছে বুলি কামেইয়ে জনাইছে।

ভাৰত চৰকাৰে অনুসূচিত জাতি আৰু ১৬খন অনুসূচিত জাতিৰ গাওঁৰ পৰা ৩২০গৰাকী শিল্পকাৰক কাৰিকৰী প্ৰশিক্ষণ দিছে যাতে তেওঁলোকে অনুসূচিত জনজাতিৰ শিল্পকাৰসকলক কাৰিকৰী শিক্ষা দিব পাৰে আৰু উৎপাদন বৃদ্ধি কৰা আৰু সমসাময়িক বজাৰৰ প্ৰয়োজন অনুসৰি নতুন কাৰিকৰী দক্ষতা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে।

কামেইয়ে আৰু জানিবলৈ দিছে যে মণিপুৰ বিশ্ববিদ্যালয়ত সদ্যসমাপ্ত ইণ্ডিয়ান ছাইন্স কংগ্ৰেছৰ বাবে ১০০০খন কপাহী বিচনা চাদৰ যোগান ধৰাৰ উপৰিও এছোচিয়েশ্যন অব কৰ্প’ৰেইশ্যন এণ্ড এপেক্স ছ’চাইটিছ অব হেণ্ডলুমৰ ওপৰত ইষ্টাৰ্ন ৰেলৱেই ৫,২২৮টা গাৰুৰ গিলিপ আৰু ১৪,২১৫খন বিচনা চাদৰ যোগান ধৰাৰ অৰ্ডাৰ দিছে।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd