• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত আলফা নেতা অনুপ চেতিয়াৰ নেতৃত্বত প্ৰতিনিধি দল

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , January 27, 2018 9:03 pm

2 min read

Minister
125
VIEWS
Share on FacebookShare on Twitter

মাইবাঙ কাণ্ডৰ বুজ ল’বলৈ তথা নাগালিম ইছ্যুটোত পাহাৰীয়া ৰাইজৰ কাষত থিয় দিবলৈ আজি হাফলঙতত উপস্থিত হয় Ingenious Forum Assamৰ আহ্বায়ক তথা আলফাৰ সাধাৰণ সচিব অনুপ চেতিয়া। তেওঁক সংগ দিয়ে ফ’ৰামৰ সদস্য সচিব তথা আলফা নেতা মৃণাল হাজাৰিকা, কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি চেমছন টেৰন, আডছুৰ কাৰ্বি আংলং জিলাৰ সভাপতি নবীন জহৰী, জাতীয়তাবাদী যুবছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰন সচিব প্ৰবীন দাস প্ৰমুখ।

অনুপ চেতিয়াৰ নেতৃত্বত এই নেতাসকলে আজি এক নাগৰিক সভাতো ভাগ লয়। টাউনৰাজি কমিউনিটি হল চৌহদত অনুষ্ঠিত সভাত পাৰ্বত্য জিলাৰ বিভিন্ন দল-সংগঠনৰ নেতাকৰ্মীসকল উপস্থিত থাকাৰ লগতে সাধাৰণ ৰাইজেও ভাগ লয়। ডিমাচা এপেক্স ব’ডি জে এন এইচ্ছৰ সভাপতি কল্যাণ দাওলাগুপুৱে সভাপতিত্ব কৰা সভাখনত আলফা নেতা অনুপ চেতিয়াই বক্তব্য প্ৰসংগত মাইবঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা মিথুন আৰু প্ৰবীণৰ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে তেওঁ পাহাৰীয়া জিলাখনলৈ দেৰিকৈ যোৱা বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ আটচল্লিচ ঘণ্টাৰ বন্ধ চলি থকা অসুবিধাৰ কথা কয়। সভাখনত নিজৰ বক্তব্যত তেওঁ অসমত খিলঞ্জীয়াৰ ভবিষ্যৎ সংকটত আছে বুলি কয়। অৱশ্যে ডিমা হাচাওত সংবিধানৰ ষষ্ঠ অনুসূচী থকাৰ কাৰণে ইয়াৰ খিলঞ্জীয়া ৰাইজ যথেষ্ট সুৰক্ষিত বুলিও কয়। লগতে তেওঁ কয় যে খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰনেই আলফাই হাতত অস্ত্ৰ তুলি লৈছিল। আনকি আজিও আলফাই খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰনে কাম কৰি আহিছে। চেতিয়াই স্পষ্টভাৱে কয় যে ডিমা হাচাও তথা ডিমাচাসকলৰ প্ৰতি আলফাৰ সমৰ্থন আছে আৰু অনাগত দিনতো থাকিব।

ইপিনে ডিমাচা এপেক্স ব’ডি জে এন এইচ্ছৰ সভাপতি কল্যাণ দাওলাগুপুৱে আজিৰ নাগৰিক সভাত আলফা নেতাদ্বয়ৰ উপস্থিতিত কয় যে বৰ্তমান বিজেপি শাসিত ৰাজ্য চৰকাৰ গঠনৰ প্ৰায় দুটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশত। কিন্তু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত দুবছৰেও পাহাৰীয়া ডিমা হাচাও জিলাৰ জনগোষ্ঠীয় ৰাইজৰ ১৩খন প্ৰতিনিধি বা সংস্থা-সংগঠনৰ লগত সাক্ষাৎ কৰাৰ সময় দিব পৰা নাই। এই পৰিস্থিতিত নিজৰ ক্ষোভ ব্যক্ত কৰে দাউলাগুপুৱে। উল্লেখযোগ্য যে আজিৰ নাগৰিক সভাখনত সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।

আনহাতে আজি অসম মন্ত্রীসভাৰো দুজন মন্ত্ৰী ক্ৰমে গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই ডিমা হাচাওৰ গুলী চালনাৰ ঘটনাত নিহতৰ ঘৰত উপস্থিত হয়। মন্ত্ৰী দুজনে প্ৰশাসন, আৰক্ষী আৰু ৰাইজৰ সৈতে সভা পাতি মত বিনিময় কৰে।

Recent News

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

Biswanath

আত্মীয়ৰ ঘৰলৈ বুলি যাত্ৰা কৰা বিশ্বনাথৰ এজন বৃদ্ধ সন্ধানহীন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd