DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত ৫৭ সংখ্যক ভাষা চহিদ দিৱস

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 19, 2018 11:14 pm
Haflong
116
VIEWS
Share on FacebookShare on Twitter

বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে পাহাৰীয়া জিলাৰ হাফলঙতো শনিবাৰে ৫৭ সংখ্যক ভাষা চহিদ দিৱস উদযাপন কৰা হয়। স্থানীয় সাপ্তাহিক ‘শৈল প্ৰবাহ’ বাতৰিকাকত কাৰ্যালয়ত ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছিল।

এই উপলক্ষে এঘাৰজন ভাষা চহিদৰ প্ৰতিকৃতিত বন্তি প্ৰজ্জ্বলনৰ লগতে পুষ্পাৰ্ঘ্য নিবেদন কৰে পৰিষদৰ কাৰ্যকাৰী সভাপতি ৰজতকান্তি নাথ,  উপসভাপতি ধীৰাজ দাস, সাংস্কৃতিককৰ্মী জয়দীপ অধিকাৰী, সমাজকৰ্মী লিটন চক্ৰবৰ্তী, সাংবাদিক পংকজকুমাৰ দেব,  পংকজ ভট্টাচাৰ্য্য, স্বপন দাস, উত্পল দাস আদিয়ে।

ভাষা চহিদ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰিবলৈ গৈ ৰজতকান্তি নাথে কয় যে ১৯৬১ চনৰ ১৯ মে’ত নিজৰ মাতৃভাষা বাংলা প্ৰতিষ্ঠাৰ কাৰণে বৰাক উপত্যকাত গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিছিল। য’ত আৰক্ষীৰ গুলীত এঘাৰজন প্ৰতিবাদকাৰীয়ে শিলচৰ ষ্টেইশ্যনত প্রাণাহুতি দিব লগা হয়।

নাথে কয় যে মাতৃভাষাত মাত মতাৰ অধিকাৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে আৰু থাকিব। কিন্তু আজি বিশ্বায়নৰ যুগত প্ৰতিটো মাতৃভাষাৰ অস্তিত্ব সংকটত। নাথে সব জাতি-জনগোষ্ঠীক নিজ মাতৃভাষা ৰক্ষাৰ কাৰণে ওলাই অহাৰ আহ্বান জনায়।

বক্তব্য ৰাখে লিটন চক্ৰবৰ্তীয়েও। তেওঁ কয় আজি ৰাজ্যৰ বৰ্তমান পৰিস্থিতিত ভাষাৰ ভিত্তিত যাতে কোনেও জাতি-জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থকাৰ আহ্বান জনায়। অনুষ্ঠানটোত বক্তব্য দাঙি ধৰে ধীৰাজ দাস, উৎপল দাসৰ লগতে জয়দীপ অধিকাৰীয়েও।

অধিকাৰীয়ে কয় যে নিজৰ মাতৃভাষাৰ কাৰণে আত্মবলিদান দিয়া এঘাৰগৰাকী চহিদৰ কাৰণে বাংলা ভাষা এই অঞ্চলত জীয়াই আছে। অধিকাৰীয়ে আনহাতে পাৰ্বত্য জিলাৰ প্ৰতিটো ভাষা-ভাষীৰ মাজত আজিৰ দৰে সমন্বয় বৰ্তাই ৰখাৰ কাৰণে আহ্বান জনায়।

সাংবাদিক পংকজকুমাৰ দেবে কয়, “মাতৃভাষাত কথা কোৱাৰ অধিকাৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে আৰু থাকিব। কিন্তু ইয়াৰ লগে লগে অন্য ভাষাৰ প্ৰতিও আমি শ্ৰদ্ধাশীল হ’ব লাগিব।” আনহাতে বিশ্বায়নৰ প্ৰতিযোগিতাৰ বজাৰত থাকিব কাৰণে ইংৰাজী ভাষাত পাঠ গ্ৰহণ কৰিলেও প্ৰতিটো জাতি-জনগোষ্ঠীয়েই নিজ নিজ মাতৃভাষাৰ চৰ্চা কৰিব লাগে বুলিও তেওঁ কয়। লগতে তেওঁ বৰাকৰ এঘাৰগৰাকী চহিদৰ লগতে চহিদ পৰিযালকেইটাকো  সংগ্ৰামী অভিনন্দন জনায়।

আজিৰ অনুষ্ঠানত উপস্থিত সংস্কৃতি পৰিষদৰ সদস্যসকলে ‘ মোদেৰ গৰব মোদেৰ আশা’, ‘আমৰি বাংলা ভাষা’  পৰিৱেশন কৰাৰ লগতে কবিতাও আবৃত্তি কৰে।

Recent News

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd