• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত ৫৭ সংখ্যক ভাষা চহিদ দিৱস

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 19, 2018 11:14 pm
Haflong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে পাহাৰীয়া জিলাৰ হাফলঙতো শনিবাৰে ৫৭ সংখ্যক ভাষা চহিদ দিৱস উদযাপন কৰা হয়। স্থানীয় সাপ্তাহিক ‘শৈল প্ৰবাহ’ বাতৰিকাকত কাৰ্যালয়ত ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছিল।

এই উপলক্ষে এঘাৰজন ভাষা চহিদৰ প্ৰতিকৃতিত বন্তি প্ৰজ্জ্বলনৰ লগতে পুষ্পাৰ্ঘ্য নিবেদন কৰে পৰিষদৰ কাৰ্যকাৰী সভাপতি ৰজতকান্তি নাথ,  উপসভাপতি ধীৰাজ দাস, সাংস্কৃতিককৰ্মী জয়দীপ অধিকাৰী, সমাজকৰ্মী লিটন চক্ৰবৰ্তী, সাংবাদিক পংকজকুমাৰ দেব,  পংকজ ভট্টাচাৰ্য্য, স্বপন দাস, উত্পল দাস আদিয়ে।

Apply Now

ভাষা চহিদ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰিবলৈ গৈ ৰজতকান্তি নাথে কয় যে ১৯৬১ চনৰ ১৯ মে’ত নিজৰ মাতৃভাষা বাংলা প্ৰতিষ্ঠাৰ কাৰণে বৰাক উপত্যকাত গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিছিল। য’ত আৰক্ষীৰ গুলীত এঘাৰজন প্ৰতিবাদকাৰীয়ে শিলচৰ ষ্টেইশ্যনত প্রাণাহুতি দিব লগা হয়।

নাথে কয় যে মাতৃভাষাত মাত মতাৰ অধিকাৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে আৰু থাকিব। কিন্তু আজি বিশ্বায়নৰ যুগত প্ৰতিটো মাতৃভাষাৰ অস্তিত্ব সংকটত। নাথে সব জাতি-জনগোষ্ঠীক নিজ মাতৃভাষা ৰক্ষাৰ কাৰণে ওলাই অহাৰ আহ্বান জনায়।

বক্তব্য ৰাখে লিটন চক্ৰবৰ্তীয়েও। তেওঁ কয় আজি ৰাজ্যৰ বৰ্তমান পৰিস্থিতিত ভাষাৰ ভিত্তিত যাতে কোনেও জাতি-জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থকাৰ আহ্বান জনায়। অনুষ্ঠানটোত বক্তব্য দাঙি ধৰে ধীৰাজ দাস, উৎপল দাসৰ লগতে জয়দীপ অধিকাৰীয়েও।

অধিকাৰীয়ে কয় যে নিজৰ মাতৃভাষাৰ কাৰণে আত্মবলিদান দিয়া এঘাৰগৰাকী চহিদৰ কাৰণে বাংলা ভাষা এই অঞ্চলত জীয়াই আছে। অধিকাৰীয়ে আনহাতে পাৰ্বত্য জিলাৰ প্ৰতিটো ভাষা-ভাষীৰ মাজত আজিৰ দৰে সমন্বয় বৰ্তাই ৰখাৰ কাৰণে আহ্বান জনায়।

সাংবাদিক পংকজকুমাৰ দেবে কয়, “মাতৃভাষাত কথা কোৱাৰ অধিকাৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে আৰু থাকিব। কিন্তু ইয়াৰ লগে লগে অন্য ভাষাৰ প্ৰতিও আমি শ্ৰদ্ধাশীল হ’ব লাগিব।” আনহাতে বিশ্বায়নৰ প্ৰতিযোগিতাৰ বজাৰত থাকিব কাৰণে ইংৰাজী ভাষাত পাঠ গ্ৰহণ কৰিলেও প্ৰতিটো জাতি-জনগোষ্ঠীয়েই নিজ নিজ মাতৃভাষাৰ চৰ্চা কৰিব লাগে বুলিও তেওঁ কয়। লগতে তেওঁ বৰাকৰ এঘাৰগৰাকী চহিদৰ লগতে চহিদ পৰিযালকেইটাকো  সংগ্ৰামী অভিনন্দন জনায়।

আজিৰ অনুষ্ঠানত উপস্থিত সংস্কৃতি পৰিষদৰ সদস্যসকলে ‘ মোদেৰ গৰব মোদেৰ আশা’, ‘আমৰি বাংলা ভাষা’  পৰিৱেশন কৰাৰ লগতে কবিতাও আবৃত্তি কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd