DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিজবুল মুজাহিদিনত যোগদান কৰা কমৰুজৰ পৰিয়ালৰ লোকক আৰক্ষীৰ সোধা-পোছা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 2:39 pm
Hizbul Mujahidin

হিজবুল মুজাহীদ্দিনৰ সদস্য কমৰ উজ জামান

152
VIEWS
Share on FacebookShare on Twitter

অসমৰ যুৱকে নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনত যোগদান কৰা বুলি ওলোৱা খবৰে স্বাভাবিকতে অস্বস্তিত পেলাইছে ৰাজ্যবাসীৰ লগতে অসম আৰক্ষীক। হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত দৈনিক বজাৰৰ ইব্ৰাহিম ঝামানৰ পুত্ৰ কমৰুজ ঝামানে হিজবুল মুজাহিদিনত যোগদান কৰা বুলি ছ’চিয়েল মিডিয়া যোগে এখন ফটো  ভাইৰেল হোৱাৰ পাছতে অসম আৰক্ষীৰ সন্মুখত ন ন সমস্যাই দেখা দিছে।

উল্লেখ্য যে আৰক্ষীয়ে কমৰুজ ঝামানৰ সন্ধানত ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰা বুলি জনায় হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে। লগতে অসম আৰক্ষীৰ হাতত থকা তথ্যৰ ভিত্তিত কাশ্মীৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱকজন তাত যে আছিল সেয়া নিশ্চিত কৰা হৈছে।

ইপিনে, ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱা আলোকচিত্ৰই এজন যুৱকৰ কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ প্ৰমাণ দিব নোৱাৰে। আৰু সেয়া বৰ্তমানলৈকে সু-নিশ্চিত হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে যুৱকজনে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই বুলিও অধীক্ষকগৰাকীয়ে ব্যক্ত কৰে।

উল্লেখযোগ্য যে পুত্ৰৰ ভাইৰেল হোৱা ফটো দেখি পৰিয়ালৰ লোক সম্পূৰ্ণৰূপে হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি কমৰুজ ঝামান ব্যৱসায় সংক্ৰান্তত কাশ্মীৰলৈ যোৱাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তাৰ পৰা উভতি আহি বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ এটা সন্তানো জন্ম হোৱাত পুনৰ বহিঃৰাষ্ট্ৰলৈ নগৈ যমুনামুখ বজাৰতে এখন ম’বাইলৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছিল।

লক্ষ্যণীয় যে কাশ্মীৰত থকা যমুনামুখৰ বহুকেইজন যুৱকৰ লগত কমৰুজ ঝামানে যোগাযোগ কৰি কাশ্মীৰলৈ গৈ তাতে ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। সেইমতে ঝামানে ম’বাইলৰ দোকানখন বন্ধ কৰি কাশ্মীৰলৈ ঢাপলি মেলে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

বৰ্তমান কাশ্মীৰত যমুনামুখৰ প্ৰায় ১০ জন যুৱক ব্যৱসায় সূত্ৰে থকা বুলিও খবৰ পোৱা গৈছে। ইপিনে, ভাইৰেল হোৱা আলোকচিত্ৰখন যদি সঁচা, তেন্তে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে পুনৰ যুৱকজন গাঁৱলৈ ঘূৰি অহাটো বিচৰা নাই।

আনহাতে এই সন্দৰ্ভত হোজাইৰ আৰক্ষীয়ে কমৰুজৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোকসকলক সোধা-পোছা কৰে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি ইংৰাজী বিষয়ত স্নাতকোত্তৰ এজন যুৱক উগ্ৰপন্থী হ’বলৈ অসমৰ পৰা  কাশ্মীৰলৈ অহা বুলি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাৰ নিৰাপত্তাৰ লোকে তেওঁক জনায়।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd