দুবছৰ পূৰ্বে মুম্বাইৰ নৌসেনা ঘাটিত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ব্ৰহ্মপুত্ৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। ৩৮৫০ টন ওজনৰ যুদ্ধজাহাজখন জুই লগাৰ ফলত এফালে হেলনীয়া হৈ পৰে। নৌসেনাৰ এজন জোৱানে প্ৰাণ হেৰুৱায়। সেই ঘটনাত এতিয়া ভাৰতীয় নৌসেনাই এটা ডাঙৰ পদক্ষেপ লৈছে।
কৰ্তব্যত গাফিলতিৰ অভিযোগত দুজন বিষয়াৰ বিৰুদ্ধে কোৰ্ট মাৰ্শ্বেল আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত আছে যুদ্ধজাহাজখনৰ তেতিয়াৰ কমাণ্ডিং অফিচাৰ, যি কেপ্তেইন পদবীৰ বিষয়া। আনজন লেফটেনেণ্ট কমাণ্ডাৰ পদৰ বিষয়া। ১২ অক্টোবৰৰ পৰা মুম্বাইৰ এখন সামৰিক আদালতত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰায় দুবছৰীয়া তদন্তৰ পিছত এই পদক্ষেপক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।
প্ৰতিবেদন অনুসৰি তেতিয়াৰ কামাণ্ডিং অফিচাৰজনৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন কৰা হৈছে। প্ৰথমতে কৰ্তব্য পালনত গাফিলতি। দ্বিতীয়তে, নৌসেনাৰ যুদ্ধজাহাজ এখন বিপদত পেলোৱা। সামৰিক পৰিভাষাত দ্বিতীয়টো অভিযোগক ‘ হেজ্যাদিং এ নেভাল শ্বিপ’ বুলি কোৱা হয়। আনহাতে, সেইদিনা কৰ্তব্যত থকা লেফটেনেণ্ট কমাণ্ডাৰৰ বিৰুদ্ধে কৰ্তব্য পালনত গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।
অৱশ্যে বিষয়া দুজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ এতিয়াও প্ৰমাণিত হোৱা নাই। ইয়াৰ তদন্ত সামৰিক আদালতে কৰিব। দোষী সাব্যস্ত হ’লে তেওঁলোকক সতৰ্কবাণী, পদোন্নতি বা জ্যেষ্ঠতা হ্ৰাস, বা সৰ্বাধিক দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিব পাৰে।
উল্লেখ্য যে ২০২৪ চনৰ ২১ জুলাইত আই এন এছ ব্ৰহ্মপুত্ৰৰ মুম্বাইৰ নেভাল ডকয়াৰ্ডত মেৰামতিৰ কাম চলি আছিল। সেই সময়ত হঠাৎ যুদ্ধজাহাজখনত জুই লাগে। জাহাজখনৰ ক্ৰুৰ লগতে নৌসেনা ঘাটিটোৰ অগ্নিনিৰ্বাপক বাহিনীয়েও জুই নিৰ্বাপনৰ কামত লাগিছিল। জুই নিয়ন্ত্ৰণ কৰিবলৈ জাহাজৰ ভিতৰত বৃহৎ পৰিমাণৰ পানী ঢালিব লগা হৈছিল। কিন্তু তাৰ পিছত পৰিস্থিতি জটিল হৈ পৰে। যুদ্ধজাহাজখনে ভাৰসাম্য হেৰুৱাই এফালে হেলনীয়া হৈ পৰিবলৈ ধৰে। অৱশেষত এফালে হেলনীয়া হৈ প্ৰায় উলটি গ’ল।
বেছিভাগ ক্ৰুৱেই গেংৱেৰ মাজেৰে জাহাজৰ পৰা নামিবলৈ সক্ষম হয়। দুই এজনে আকৌ পানীত জপিয়াই সাঁতুৰি নিৰাপদ স্থানলৈ যাব লগা হয়। বিশৃংখলতাৰ মাজতে সন্ধানহীন হৈ পৰে আগশাৰীৰ নাৱিক সীতেন্দ্ৰ সিং। পিছত তালাচীৰ সময়ত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰছ এণ্ড ইঞ্জিনিয়াৰছ (জি আৰ এছ ই)ত নিৰ্মাণ কৰা হৈছিল আই এন এছ ব্ৰহ্মপুত্ৰ। ২০০০ চনৰ এপ্ৰিল মাহত নৌসেনাত কমিচন কৰা এই যুদ্ধজাহাজখন ১২৫ মিটাৰ দীঘল আৰু ১৬ মিটাৰ বহল। ইয়াত প্ৰায় ৩৭০ জন ক্ৰু সদস্য থাকিব পাৰে। এটা সময়ত ক্ষয়-ক্ষতিৰ পৰিসৰ ইমানেই ব্যাপক আছিল যে জাহাজখন আচলতে সাগৰলৈ ঘূৰি আহিব পাৰিবনে নাই তাত সন্দেহ হৈছিল।
অৱশেষত কেইবামাহো ধৰি উদ্ধাৰ অভিযানৰ অন্তত জাহাজখন পোন কৰিবলৈ সক্ষম হয়। মেৰামতিৰ কামো সম্পূৰ্ণ হৈছে। সম্প্ৰতি বিভিন্ন পৰীক্ষা চলি আছে। অৱশ্যে আই এন এছ ব্ৰহ্মপুত্ৰ এতিয়াও নিয়মীয়া কামত নৌসেনালৈ ঘূৰি অহা নাই। ২০২৭ চনত পুনৰ সাগৰলৈ আহিব বুলি আশা কৰা হৈছে।
এই দুৰ্ঘটনাৰ পিছত তেতিয়াৰ নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে ৰিয়াৰ এডমিৰেলৰ নেতৃত্বত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰে। কমিটীয়ে নৌসেনা ঘাটি আৰু যুদ্ধজাহাজৰ নিৰাপত্তা ব্যৱস্থা পৰীক্ষা কৰি কেইবাটাও পৰামৰ্শ আগবঢ়ায়। পিছলৈ সেই নিৰ্দেশনাসমূহ বিভিন্ন নৌসেনাৰ কমাণ্ড আৰু ঘাটিত কাৰ্যকৰী কৰা হ’ল।
উল্লেখযোগ্য যে ২০১৬ চনৰ ডিচেম্বৰ মাহত মুম্বাইৰ একেটা নৌসেনা ঘাটিতে মেৰামতিৰ সময়ত আই এন এছ বেটৱা বাগৰি পৰিছিল। সেই দুৰ্ঘটনাত দুজন নৌসেনাৰ জোৱানে প্ৰাণ হেৰুৱাইছিল। আহত হৈছিল ১৪ জন লোক। সেই ঘটনাত তিনিজন বিষয়াক ক’ৰ্ট মাৰ্শ্বেল কৰা হৈছিল। ফলত আই এন এছ ব্ৰহ্মপুত্ৰ কাণ্ডত আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াটো কেৱল বিষয়া দুজনৰ দায়িত্ব নিৰ্ধাৰণৰ বাবেই নহয়, ভাৰতীয় নৌসেনাৰ নিৰাপত্তা ব্যৱস্থাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।


