• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দুত্ববাদ যেতিয়ালৈকে থাকিব তেতিয়ালৈ অসমীয়া জাতি থাকিব : ড০ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 8:50 am
Himanta-Biswa-Sarma-678x381

বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’হিন্দুত্ববাদ যেতিয়ালৈকে থাকিব তেতিয়ালৈ অসমীয়া জাতি থাকিব। আমি নিশ্চিতভাৱে হিন্দুত্বক লৈ ৰাজনীতি কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হিন্দুত্বক লৈ গৌৰৱ অনুভৱ কৰিছিল। অসমৰ য’ত হিন্দুত্বৰ গৌৰৱ অনুভৱ হোৱা নাই তাত বিহু অনুষ্ঠিত নহয়,’’-নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ পিছত এনদৰে মন্তব্য আগবঢ়াইছে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ সভাখন শুকুৰবাৰৰপৰা দুদিনীয়াকৈ নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত হৈছে। শুকুৰবাৰে বিয়লি ৩-৩০ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় বিষয়ববীয়াৰ সভা। এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ৰমেন ডেকা, কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত থাকে।

Apply Now

ৰঞ্জিত দাসে পতাকা উত্তোলন কৰাৰ পিছতে চাৰি বজাত আৰম্ভ হয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা। ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ ৰমেন ডেকা, বিজেপিৰ উত্তৰ পূব মণ্ডলৰ নেতা অজয় জামোৱালকে ধৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে।

তদুপৰি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দত্ত, পল্লনলোচন দাস, তপন গগৈ, পীয়ুষ হাজৰিকা, সুম ৰংহাং, নৱ দলে, বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, আঙুৰলতা, মানসিং ৰংপি, গণেশ লিম্বুকে ধৰি ৩২গৰাকী বিধায়ক উপস্থিত থাকে।

নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই  কয় যে যোৱা ছয় মাহত উত্তৰ-পূবত বিজেপি দলে বৃহৎ সফলতা দেখুৱাবলৈ সক্ষম হৈছে। মোডীৰ নেতৃত্বত বিজেপিৰ যি সফলতা, তাক একাংশ লোকে ভুল ব্যাখ্যা দিবৰ চেষ্টা কৰিলেও সাধাৰণ লোকৰ আস্থা অটুট আছে।

তেওঁ কয় যে অসমৰ দুখীয়া একোটা দৰিদ্ৰ পৰিয়ালে অসুখ-বিসুখত পাঁচ লাখ টকালৈকে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসাৰ বাবদ পাবলৈ সক্ষম হ’ব। অটল অমৃত যোজনাৰ অধীনত দুই লাখ টকালৈ লাভ কৰিব। এইবোৰ আঁচনিয়ে অসমৰ দ্ৰুত উন্নয়ন সম্ভৱ কৰি তুলিব।

অসমত একে দিনে ১৯খন কেন্সাৰ হাস্পিতালৰ আধাৰশিলা স্থাপন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ আগত প্ৰকাশ কৰে। ৰাজ্যৰ কৃষকসকলৰ ঋণ ২৫ শতাংশ ওভতাই দিয়াৰ ব্যৱস্থা কৰিব বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। বিজেপি চৰকাৰখনে কেতিয়াও দুৰ্নীতিৰ সৈতে আপোচ কৰিব নোখোজে।

নেডাৰ আহ্বায়কগৰাকীয়ে অসম চুক্তিৰ ভিত্তি বৰ্ষ ১৯৫১ টনৰ পৰিৱৰ্তে ১৯৭১ চন মানি লোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কঠোৰ সমালোচনা কৰে। শুকুৰবাৰে যিসকল ৰাজপথলৈ আহিছে, তেওঁলোকে ২০১৪ চনত শ্লিপিং টেবলেট খাই শুই আছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে হিন্দু বঙালীসকল আঁতৰি গ’লে অসমত অসমীয়া জাতিটো দুৰ্বল হ’ব।

আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে নলবাৰীত দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰি কয় যে আমি ভিজন ডকুমেণ্টত উল্লেখ কৰা কথাবোৰ একাংশ লোকে পাহৰি গৈছে বা পাহৰাৰ ভাও ধৰিছে। দলৰ নীতিৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰা উচিত নহয়। আমি শাসন কৰিবলৈ অহা নাই, আমি অসমখন নিৰ্মাণ কৰিবলৈ আহিছো। তেওঁ কয় যে অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত দলে চোকা নজৰ দি আহিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd