ৰাণীকোৰ বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে এনপিপি নেতৃত্বাধীন মেঘালয়া ডেম’ক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে ৰাণীকোৰবাসীক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব ১০ জুলাইত অৰ্থাৎ মঙলবাৰে। উল্লেখ্য যে সমষ্টিবাসীয়ে দীৰ্ঘদিন ধৰি কৰি অহা মহকুমা স্থাপনৰ দাবীৰ সমস্যাটো সমাধানৰ বাবে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু সেই সূত্ৰে প্ৰশাসনীয় মহকুমাটো কাইলৈ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব।
ৰাণীকোৰ চিভিল ছাব ডিভিজন ডিমাণ্ড কমিটিয়ে আজি এই কথা জানিবলৈ দি কয় যে মঙলবাৰে দিনৰ ১১ বজাত পশ্চিম খাচি পাহাৰৰ ৰাণীকোৰ খেলপথাৰত উপ মুখ্য মন্ত্ৰী প্ৰেষ্ট’ন টিনছঙে মহকুমাটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ উপৰি ৰাজ্যখনৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে।
ছাব ডিভিজন ডিমাণ্ড কমিটিৰ অধ্যক্ষ কিটব’ৰলাং নংৰেম আৰু সম্পাদক নেলবি টি চাংমাই শুভ উদ্বোধন অনুষ্ঠানত সকলো ৰাইজকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ বিধায়ক মাৰ্টিন এম দেংগ’ৱে যোৱা ২১ জুনত বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল আৰু আশা কৰা হৈছে যে মঙলবাৰে তেওঁ এনপিপিত যোগদান কৰিব। মন কৰিবলগীয়া যে যদিহে প্ৰাক্তন কংগ্ৰেছ বিধায়কজনে এনপিপিত যোগদান কৰে তেন্তে নিশ্চিতভাৱে আগন্তুক ৰাণীকোৰ বিধানসভা উপ নিৰ্বাচনৰ বাবে এনপিপিৰ টিকট প্ৰত্যাশী হ’ব।
উল্লেখণীয় যে যোৱা ১২ জুনত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰি কৈছিল যে তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰে ৰাণীকোৰবাসীৰ মহকুমা স্থাপনৰ দীৰ্ঘদিনীয়া দাবী সমাধানৰ বাবে আমি অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ পাছতে কংগ্ৰেছৰ বিধায়কজনে বিধায়ক পদৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছিল।