তাই আহোম ছাত্ৰ সন্থা আৰু ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ পৰা আহ্বন জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰে শিৱসাগৰত। বন্ধৰ ফলত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱা পৰিলক্ষিত হয় । প্ৰতিকূল বতৰকো নেওচি পুৱাই বন্ধৰ সমৰ্থকসকল ওলাই আহি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ সময়চোৱাত পুৱাৰে পৰা দোকান পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বিদ্যালয় আদিৰ লগতে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা যায়।
উল্লেখ্য যে , যোৱা ২০ জুলাইত দিল্লীত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক সম্পূৰ্ণ ৰূপে বিফল হোৱা আৰু বাৰে বাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আটাছু আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল ।
কিন্তু লক্ষ্যণীয়ভাৱে আজি আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জনায় যে অসমৰ ৰাইজৰ অনুৰোধ আৰু পূৰ্বতে নিৰ্ধাৰিত হৈ থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় সেয়ে আমি এই বন্ধ ৪৮ ঘণ্টাৰ পৰা ১২ ঘন্টালৈ হ্ৰাস কৰিছো। আজি বিয়লি ৫ বজাত এই বন্ধৰ কাৰ্য্যসূচী অন্ত পৰিব।

আনহাতে তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ আজি ডিমৌ আঞ্চলিকৰ সদস্য সকলে পুৱাই ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে মৰাণত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বন্ধৰ সমৰ্থন কৰে যদিও প্ৰতিবাদকাৰীসকলে কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে।
ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জাতিৰ স্বাৰ্থত সকলো অসমবাসীকে অসম বন্ধটো সফল কৰিবলৈ আহ্বান জনায়।