• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

৩০ জুনলৈ অপেক্ষা আৰু ইয়াৰ অন্তৰালৰ অভিসন্ধি…

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
June 7, 2018 1:37 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিবাদ তীব্ৰ হৈ অহাৰ লগে লগে অসম চৰকাৰ তথা বিজেপিৰ ভাষ্যও মন কৰিবলগীয়া হৈ পৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত ৩০ জুনৰ পাছতহে চৰকাৰে মতামত প্ৰকাশ কৰিব। আনহাতে বিজেপিয়েও তেতিয়াহে নিজৰ স্থিতিৰ কথা ক’ব। এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন হ’লেই উত্তৰ আহে— ৩০ জুনলৈ অপেক্ষা কৰক। প্ৰথমে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰে ৩০ জুনৰ পাছত মতামত ৰাজহুৱা কৰিব বুলি কৈছিল। তাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৩০ জুনলৈ অপেক্ষা কৰিবলৈ কৈছে। জাতিধ্বংসী এই বিধেয়কৰ ক্ষেত্ৰত কিয় ৩০ জুনলৈ অপেক্ষা কৰিব লাগে? সম্প্ৰতি চৰকাৰৰ এই স্থিতিয়ে বিভিন্ন মহলত গভীৰ সন্দেহৰ জন্ম দিছে। কাৰণ ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি সম্পৰ্ক আছে? তাক লৈ প্ৰশ্ন কৰিছে অসমৰ ৰাইজে। নিশ্চিতভাৱে সেই প্ৰশ্ন কৰাৰ অধিকাৰ আছে ৰাজ্যৰ জনসাধাৰণৰ।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হৈছে অসম চুক্তিৰ আধাৰত তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা কঠোৰ নিৰীক্ষণত। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসম চুক্তি মতে ১৯৭১চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমলৈ প্ৰব্ৰজন কৰা সকলো লোকৰে নাম অন্তৰ্ভুক্ত হ’ব। সকলো স্তৰৰ লোকৰ পূৰ্ণ সহযোগিতাত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক হৈছে আমাৰ দেশৰ সংবিধানৰ পৰিপন্থী। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা হৈছে এই আইন সংশোধনীৰ জৰিয়তে। যাৰ কুফল ভোগ কৰিব লাগিব অসমে। সেইবাবেই অসমত ইয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে শক্তিশালী গণ আন্দোলনৰ। অসমৰ ৰাইজে কোনোপধ্যেই এই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে। যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ শুনানি গ্ৰহণ কৰিবলৈ আহোতে কেনেদৰে খিলঞ্জীয়া লোক হিলদল ভাঙি ওলাই আহিছিল তাক সকলোৱে দেখিলে। বাংলাদেশৰ হিন্দুক অসমত সংস্থাপন কৰিবলৈ মোদী চৰকাৰে কৰা গভীৰ ষড়যন্ত্ৰৰ বহিঃপ্ৰকাশ ঘটিছে এই সংশোধনী বিধেয়কৰ জৰিয়তে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বিচাৰিছে বিজেপিয়ে। ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভয়ংকৰ ৰূপ দেখি এতিয়া অন্য কৌশল ৰচনা কৰিছে তেওঁলোকে।

Apply Now

৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে বহু লোকৰ নাম বাদ পৰিব বুলি নিশ্চিত হৈছে অসম চৰকাৰ তথা বিজেপি। হিন্দু লোকতকৈ মুছলমানৰ নাম অধিক বাদ পৰাৰ আশংকা কৰা হৈছে। তেতিয়াই বিজেপিয়ে আৰম্ভ কৰিব মেৰু বিভাজনৰ ৰাজনীতি। এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা মুছলমানৰ সংখ্যাধিক্যক লৈ আৰম্ভ কৰিব ৰাজনীতি। সেই সুযোগৰ অপেক্ষাত আছে অসম চৰকাৰ তথা বিজেপি। এনআৰচিত নাম বাদ পৰা লোকসকলৰ হৈ মাত মাতিব কংগ্ৰেছ আৰু এআইইউডিএফে। তেতিয়াই বিজেপিয়ে এনে এক ধাৰণা দিবলৈ বিচাৰিব যে কংগ্ৰেছে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমান সকলৰ স্বাৰ্থৰ হৈ কথা কয়। তেওঁলোকক লৈ কংগ্ৰেছে ৰাজনীতি কৰে। এইখিনিতেই এটা দিশ মন কৰিব লাগিব যে কংগ্ৰেছে এনআৰচিত নাম বাদ পৰা সংখ্যালঘুৰ হৈ মাত মাতিবই। কাৰণ নহ’লে এআইইউডিএফে এই ক্ষেত্ৰত সুযোগ গ্ৰহণ কৰিব। কংগ্ৰেছ নেতৃত্বই সেই সুযোগ কেতিয়াও এআইইউডিএফক দিবলৈ নিবিচাৰে। তেতিয়া বিজেপিয়ে কংগ্ৰেছ সংখ্যালঘুৰ দল বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে মেৰু বিভাজনৰ ৰাজনীতি অধিক ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বিজেপি। সাম্প্ৰদায়িক বিভাজন আনি ৰাজ্যখনত ৰাজনৈতিকভাৱে শক্তিশালী হৈ থাকিব বিচাৰিছে গেৰুৱা বাহিনীয়ে। কাৰ্যত: সেইবাবেই তেওঁলোকে অপেক্ষা কৰিছে ৩০ জুনলৈ। কিন্তু বিজেপি তথা অসম চৰকাৰৰ এই স্থিতিৰ উমান পাই সজাগ হৈ পৰিছে সকলো। কোনোপধ্যেই যাতে সাম্প্ৰদায়িক, বিভাজনকামী শক্তিয়ে অসমত অঘটন ঘটাব নোৱাৰে তাৰ বাবে সজাগ থাকিব লাগিব জনসাধাৰণ।

অহা ৩০ জুন হ’ব অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ঐতিহাসিক অসম চুক্তিৰ আধাৰত উন্নীত কৰা নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। আৰু সেই ঐতিহাসিক দিনটোৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিব বিচাৰিব বিভাজনৰ ৰাজনীতি। সেইবাবে সকলোৱে এই কথাত সৰৱ হোৱা উচিত যে নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক একাকাৰ কৰিব বিচৰা অসম চৰকাৰ আৰু বিজেপিৰ এই অভিসন্ধি সফল হ’বলৈ দিব নোৱাৰি। গেৰুৱা বাহিনীয়ে এই ষড়যন্ত্ৰ কাৰ্যকৰী হ’বলৈ হ’লে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব ৰাজ্যত। তাৰ বিৰুদ্ধে গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষ শিবিৰ মাৰবান্ধি থিয় হ’ব লাগিব।

(লেখক এজন জ্যেষ্ঠ সাংবাদিক)

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd