DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩১তম গুৱাহাটী গ্ৰন্থমেলা : অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ সম্ভাৱনাৰ কথা ক’লে সচিবে

সুকৃতি গগৈ by সুকৃতি গগৈ
December 26, 2017 9:25 pm
৩১তম গুৱাহাটী গ্ৰন্থমেলা : অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ সম্ভাৱনাৰ কথা ক’লে সচিবে
169
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ সম্ভাৱনা আছে বুলি দাবী কৰিলে আজি আয়োজক প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। অলপতে চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ক চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই ২ লাখ টকাকৈ কিতাপ কিনিবলৈ এক নিৰ্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিততে কলিতাই এই দাবী কৰে। তেওঁ মহাবিদ্যালয়বোৰৰ পৰা কিতাপ কিনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে গ্ৰন্থমেলাত বিক্ৰীয়ে এক অভিলেখ সৃষ্টি কৰিব বুলি কয়।

উল্লেখযোগ্য যে চৰকাৰে চৰকাৰী বিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীক দ্বাদশ শ্ৰেণী পৰ্য্যন্ত বিনামূলীয়া পাঠ্যপুথি যোগানৰ সিদ্ধান্তৰ প্ৰতিবাদত এইবাৰৰ গ্ৰন্থমেলাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত অসহযোগ কৰিছে আৰু তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাই ইয়াত অংশগ্ৰহণ কৰা নাই। ফলত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপণিৰ সংখ্যা পূৰ্বৰ বছৰবোৰৰ তুলনাত তেনেই কম। আনকি বহুতো ষ্টল খালী পৰি ৰোৱা দেখা গৈছে। একেদৰে গ্ৰন্থপ্ৰেমীৰ ভিৰো কম হোৱাৰ লগতে এই পৰ্য্যন্ত বিক্ৰী উৎসাহজনক নহয় বুলি জানিব পৰা গৈছে।

আয়োজকৰ তথ্যমতে বাৰদিনীয়া মেলাখনত মুঠ ৭৫ টা বিপণিয়ে অংশগ্ৰহণ কৰিছে।

বিক্ৰী সন্দৰ্ভত নিজৰ আশা প্ৰকাশ কৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, ‘সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতিবাদী কাৰ্য্যসূচী তথা বৰ্জনৰ সিদ্ধান্ত লোৱাত আমি যথেষ্ট নেতিবাচক প্ৰচাৰ পালো যদিও ৰাজ্যখনৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ৩০০ শ মান মহাবিদ্যালয়ে যদি ২ লাখকৈ টকাৰ কিতাপ কিনে তেন্তে গ্ৰন্থমেলাৰ বিক্ৰীয়ে এক অভিলেখ সৃষ্টি কৰিব।’

আনহাতে তেওঁ জনোৱামতে দিল্লী, কলকাতা, ঝাৰখণ্ডৰ পৰাও গ্ৰন্থ বিপণিয়ে অংশগ্ৰহণ কৰিছে। অৱশ্যে হিন্দীৰ পাঠক বেছি নোহোৱা বাবে এইবোৰত বিক্ৰী কম হৈছে। কিন্তু অসমীয়া আৰু ইংৰাজীৰ কিতাপ বিক্ৰী যথেষ্ট হৈছে। শ্ৰীযুত কলিতাই কয়।

 

গ্ৰন্থমেলাৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা ছপাশালটো। ফটো : সুকৃতি গগৈ।

আনহাতে সাহিত্য সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ছপাশালটো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে গ্ৰন্থমেলাস্থলীত। লগতে বিভিন্ন সাহিত্য সম্পৰ্কীয় মনোজ্ঞ আলোচনা দৈনিক সম্পন্ন কৰা হৈছে। আনহাতে অহা ২৮ আৰু ২৯ ডিচেম্বৰত ক্ৰমে বৰাক উৎসৱ আৰু কাৰ্বি উৎসৱ অনুষ্ঠিত হোৱাৰ কথা। আনহাতে ৩০ আৰু ৩১ ডিচেম্বৰত শিশু উৎসৱৰ কাৰ্য্যসূচী আছে। বছৰৰ প্ৰথম দিনটোতে আছে সমাজ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত কবি সন্মিলন, য’ত ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ কবিসকলে ভাগ ল’ব।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd