• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ ডিচেম্বৰত প্ৰকাশ পাব লগীয়া খচৰা তালিকাত পঞ্চায়তৰ নথি দিয়াসকলকো অন্তৰ্ভুক্ত কৰিবলৈ দাবী প্ৰদেশ কংগ্ৰেছৰ : পঞ্চায়তৰ নথিক বৈধতা দিয়া ৰায়ক আদৰণি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 6, 2017 11:47 am
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল।

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চি উন্নীতকৰণত সংযোগী নথি (linkage data) হিচাপে পঞ্চায়তৰ প্ৰমাণপত্ৰক বৈধতা দি আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত সন্তুষ্টি প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি আবেলি ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰী উপস্থিত আছিল। ৰিপুন বৰাই উচ্চতম ন্যায়ালয়ৰ ৰায়টোক ঐতিহাসিক ৰায় বুলি কয়। তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এন আৰ চি প্ৰক্ৰিয়াত পঞ্চায়তৰ নথিক অবৈধ বুলি ঘোষণা কৰাত এই পক্ৰিয়াত এক অনিশ্চয়তা অহাৰ লগতে বহুতৰ মনত শংকা আৰু উদিগ্নতাৰ সৃষ্টি হৈছিল। ইয়াক লৈ এচাম ৰাজনৈতিক দলে ৰাজনীতি কৰা বুলিও তেওঁ মত প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধান হোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ৰায়টোক আদৰণি জনোৱাৰ লগতে ৰিপুন বৰাই অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ খচৰা তালিকা পঞ্চায়তৰ নথি দিয়া লোকসকলৰো নাম অন্তৰ্ভুক্ত কৰি প্ৰকাশ কৰিবলৈ দাবী কৰে। সংবাদমেলখনত বৰাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সৃষ্টি কৰা বিভ্ৰান্তিৰ বাবেও তেওঁক সমালোচনা কৰে। প্ৰতীক হাজেলাই সৃষ্টি কৰা অ’আয়ে সাধাৰণ লোকৰ মাজত শংকা মাতি আনিছিল বুলি তেওঁ কয়। উল্লেখযোগ্য যে অ’ আই সম্পৰ্কত কংগ্ৰেছ বিধায়িনী দলৰ কমলাক্ষ দে’ পুৰকায়স্থ, ৱাজেদ আলী চৌধুৰী, শুকুৰ আলী, ৰূপজ্যোতি কুৰ্মী, নৰুল হুদা, এ কে ৰচিদ আলম আৰু ৰাজদীপ গোৱালাকে ধৰি মুঠ ৭ জন বিধায়কে উচ্চতম ন্যায়ালয়ত হস্তক্ষেপ বিচাৰি ৭ খন আৱেদন দাখিল কৰিছিল। আনাহাতে এন আৰ চিৰ সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চিৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা হাতত ল’ব বুলি কোৱা মন্তব্যকো এক প্ৰকাৰৰ উভতি ধৰে। তেওঁ সোণোৱাললৈ প্ৰশ্নবাণ এৰি কয় ‘প্ৰতীক হাজেলাই প্ৰকৃততে এন আৰ চিৰ ক্ষেত্ৰত বাদা প্ৰদান কৰিছিল, কিন্তু ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে? তেওঁ আৰু কয় যে প্ৰতীক হাজেলাৰ ভুলৰ বাবেই  এন আৰ চিৰ কাম এবছৰ পিছুৱাই গ’ল আৰু তেৱেঁই হৈছে প্ৰথমজন ব্যক্তি যি এন আৰ চিৰ ক্ষেত্ৰত বিধি-পথালি দিছে।

আনহাতে সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গ’ল। ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হোৱা প্ৰসংগতো তেওঁ কয় যে বিকাশৰ কথা কোৱা প্ৰধান মন্ত্ৰীয়ে ৰাহুল গান্ধীক সমালোচনা কৰি সময় নষ্ট কৰিছে। আৰু দেশখন আগুৱাই নিয়াত গুৰুত্ব প্ৰদান নকৰি ৰাহুল গান্ধীক ইতিকিং কৰাত ব্যস্ত আছে। সংবাদমেলখনত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই এই ৰায়ে অসমবাসীক ৰাইজৰ লগতে যুৱ প্ৰজন্মক উৎসাহ যোগাব বুলিও মত প্ৰকাশ কৰে।

Apply Now
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd