DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা সংস্কাৰ ভাৰতী পূৰ্ব্বোত্তৰৰ তৃতীয় ভৰতমুণি নাট্য সমাৰোহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2018 12:03 pm
163
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ এটা সাংস্কৃতিক বেচৰকাৰী অনুস্থান সংস্কাৰ ভাৰতীৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই অহা ৪ ফেব্ৰুৱাৰিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘তৃতীয় ভৰতমুনি নাট্য সমাৰোহ’ অনুষ্ঠিত কৰিব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংস্কাৰ ভাৰতীৰ উত্তৰপূৱ শাখাই আয়োজন কৰা সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰে।

উদ্যোক্তা সমিতিৰ সভাপতি জীতেন শৰ্মাই জানিবলৈ দিয়া মতে তেওঁলোকে নাট্য শাস্ত্ৰৰ পিতৃস্বৰূপ ভৰত মুনিৰ ওপজা দিন উপলক্ষে বিগত দুই বছৰৰ দৰে এই বছৰো নাট্য সমাৰোহৰ আয়োজন কৰাৰ দিহা কৰিছে। ইয়াৰ উপৰি তেওঁলোকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হোৱা ৮ খন নাটক এই নাট্য সমাৰোহৰ বাবে নিৰ্বাচন কৰি উলিয়াইছে বুলি উক্ত সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই নাট্য সমাৰোহত অসম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশ ৰাজ্যকেইখনৰ আঠটাকৈ নাট্যদলে অংশগ্ৰহণ কৰিব।

৪ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ৫:৩০ বজাত উদ্বোধনী হ’বলগীয়া এই নাট্য সমাৰোহৰ প্ৰথমতে মণিপুৰৰ ট্ৰেজাৰ আৰ্ট এচ’চিয়েশ্যনৰ দ্বাৰা চাজিদা চাজিৰৰ পৰিচালিত তথা মোহন যোশীৰ লিখিত নাটক ‘’তামাচা এ নৌতংকি’’ মঞ্চস্থ কৰা হ’ব।

অনুস্থানটোৰ সভাপতি জীতেন শৰ্মাই জনোৱা অনুসৰি ৫ ফেব্ৰুৱাৰিৰ বিয়লি ৫:৪৫ বজাত নাগালেণ্ডৰ জ্যোতিস্মান নাট্যদলৰ শিল্পীসকলে ৰিপম ভৰদ্বাজৰ দ্বাৰা পৰিচালিত নাগা ভাষাৰ নাটক ‘কেশৰী’ মঞ্চস্থ কৰিব। লগতে সেইদিনাই ৬-১৫ বজাত বেনাৰসৰ শ্ৰীনগৰী নাট্য মণ্ডলীৰ দ্বাৰা অৰ্পিত শিধোৰৰ পৰিচালনাৰে মহাকবি ব্যাসৰ ৰচিত সংস্কৃত ভাষাৰ নাটক ‘মধ্যম ব্যায়োগ’ মঞ্চস্থ কৰিব।

তদুপৰি ৬ ফেব্ৰুৱাৰিৰ বিয়লি ৪:৪৫ বজাত গোৰক্ষপুৰৰ নাট্যদল দৰ্পনৰ শিল্পীসকলে শ্ৰীশান্ত কুমাৰ শ্ৰী বাস্তৱৰ পৰিচালনাত হিন্দী নাটক ‘ৰশ্মিৰথী’ আৰু ৬:১৫ বজাত ত্ৰিপুৰাৰ খোৱাইৰ নাট্যদল কালচাৰেল কেম্পেইনৰ দ্বাৰা সঞ্জয় কঔৰৰ পৰিচালনাত বাংলা ভাষাৰ নাটক ‘গুদ্দু গুদিৰ দুনীয়া’ মঞ্চস্থ কৰিব।

৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ নাট্যদল ভইছ থিয়েটাৰ আৰু বি জালান প্ৰডাকচনৰ দ্বাৰা মানিক ৰয়ৰ পৰিচালনাত জীতেন শৰ্মাৰ ৰচিত ‘শ্ৰীমন্ত শংকৰদেৱ’ মঞ্চস্থ কৰিব। উল্লেখযোগ্য যে এই নাটকখন হিন্দী ভাষাত মঞ্চস্থ কৰা হ’ব। উদ্যোক্তা কমিটিয়ে জানিবলৈ দিয়া মতে শংকৰদেৱৰ সৃষ্টিৰাজীৰ বিষয়ে অসমৰ বাহিৰৰ ৰাজ্যসমূহে বুজাত সহায়ক হোৱাৰ বাবে এই নাটকখন হিন্দী ভাষাত মঞ্চস্থ কৰিব।

নাট্য সমাৰোহৰ অন্তিম দিনা সন্ধিয়া ৬ বজাত মুম্বাইৰ এটি নাট্যদল বিংগ বেংগ থিয়েটাৰ ফাউণ্ডেশ্যনৰ শিল্পীসকলে বিবেক উপাধ্যায়ৰ দ্বাৰা পৰিচালিত তথা মুদ্ৰা ৰাক্ষসৰ ৰচনাৱলী হিন্দী নাটক ‘আল আফচাৰ’ মঞ্চস্থ কৰিব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়ে।

এই সংবাদমেলত ভাৰতমুনি নাট্য সমাৰোহৰ আয়োজক কমিটিৰ সভাপতি জীতেন শৰ্মাৰ লগতে সংস্কাৰ ভাৰতীৰ ক্ষেত্ৰ প্ৰমুখ ড০ ধনঞ্জয় কুশৰে, কাৰ্যকৰ্তা ৰাজীৱ দত্তকে ধৰি অন্যান্য বহুকেইজন কৰ্মকৰ্তা উপস্থিত থাকে।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd