DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ কোটি টকা ব্যয়েৰে নতুন ৰূপ দিয়া হ’ব  ৰবীন্দ্ৰ ভৱনক : ছমাহ-এবছৰ ধৰি বন্ধ থাকিব অনুষ্ঠান পৰিৱেশন

ভৱেশ মেধি by ভৱেশ মেধি
March 25, 2018 4:26 pm
RabindraBhaban
91
VIEWS
Share on FacebookShare on Twitter

নতুন ৰূপ পাব অসম তথা গুৱাহাটীৰ অন্যতম সাংস্কৃতিক মঞ্চ ৰবীন্দ্ৰ ভৱনে। উচ্চ মানৰ নাট্যানুষ্ঠান, সংগীতানুষ্ঠান, চিনেমা আদি পৰিৱেশন-প্ৰদৰ্শন কৰা দল-অনুষ্ঠানৰ বাবে এটা নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে পৰিচিত তথা গুৱাহাটীৰ কলা-ৰসিকসকলৰ বাবে ভিন্নধৰ্মী কলাৰ ৰসাস্বাদনৰ অন্যতম উৎস -এই ৰবীন্দ্ৰ ভৱন মেৰামতি আৰু উন্নীতকৰণৰ স্বাৰ্থত ছমাহৰ পৰা এবছৰ পৰ্য্যন্ত বন্ধ থাকিব পাৰে। এই কথা জানিবলৈ দিছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এটা সূত্ৰই।

সূত্ৰটোৰ মতে ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এই সাংস্কৃতিক ভৱনটোৰ উন্নয়ন তথা মেৰামতিৰ কাম আৰম্ভ কৰিছে।

সূত্ৰটোৱে কয় যে, যোৱা বছৰৰ অক্টোবৰতে ভৱনটোৰ উন্নয়ন তথা মেৰামতি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও যোৱা ১৫-২০ দিনৰ পৰাহে ভৱনটোৰ উন্নয়ন আৰু মেৰামতিৰ কাম আৰম্ভ কৰিছে। ভৱনটোৰ উন্নয়ন আৰু মেৰামতিৰ কাম আৰম্ভ কৰাৰ ফলত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠান পৰিৱেশন আৰু সভা-সমিতিৰ বাবে অনুমোদন সাময়িকভাৱে স্থগিত ৰখা হৈছে।

এই সন্দৰ্ভত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই কয় যে ৰবীন্দ্ৰ ভৱনৰ উন্নয়ন আৰু মেৰামতিৰ বাবে ৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। তেওঁ জনায় যে ভৱনটোৰ উন্নয়ন আৰু মেৰামতিৰ কামৰ বিভিন্ন পৰ্যালোচনা কৰাৰ বাবে অহা ৩ এপ্ৰিলত এখন সভা আহ্বান কৰা হৈছে। সভাত ভৱনটোৰ উন্নয়ন আৰু মেৰামতিৰ বিভিন্ন দিশ সম্পৰ্কত বিস্তৃত আলোচনা কৰা হ’ব বুলি তেওঁ জনায়। ভৱনটোৰ উন্নয়ন আৰু মেৰামতি কৰাৰ সন্দৰ্ভত সঞ্চালকালয়ৰ এক সূত্ৰই জনায় যে ভৱনটোত থকা প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰবোৰ মেৰামতি কৰাৰ লগতে নতুন প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰা হ’ব। লগতে ভৱনৰ ভিতৰত থকা চকীবোৰৰ মেৰামতি কৰাৰ লগতে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা চকীবোৰ আঁতৰাই নতুন চকীৰ ব্যৱস্থা কৰা হ’ব। ভৱনত বিজুলী বাতিবোৰ ঠিক কৰাৰ লগতে অত্যাধুনিক বিজুলী বাতি সংযোগ কৰা হ’ব। মঞ্চৰ লাইটবোৰ অত্যাধুনিক কৰা হ’ব।

মঞ্চখন আৰু চিলিঙৰো সম্পূৰ্ণ অত্যাধুনিক ৰূপ দিয়া হ’ব। সূত্ৰটোৱে জনায় যে ভৱনটোৰ বেৰবোৰ আৰু মঞ্চ মেৰামতি কৰা কামটো প্ৰত্যাহ্বানমূলক হ’ব। কাৰণ ভৱনটোৰ বেৰবোৰত বৰষুণৰ পানী পৰি বহু অংশ বেয়া হৈ গৈছে। এইবোৰ মেৰামতি কৰাৰ বাবে সময়ৰ প্ৰয়োজন হ’ব। আকৌ ভৱনটোৰ মঞ্চখন পথৰ সমান হোৱা বাবে বাৰিষাৰ সময়ত ৰাস্তাত হোৱা বানপানীৰ ফলত মঞ্চখনৰ তলৰ অংশ বেয়া হৈছে। এই বেয়া অংশবোৰ মেৰামতি কৰাৰ ক্ষেত্ৰতো সময়ৰ প্ৰয়োজন হ’ব বুলি সূত্ৰটোৱে জনায়। সূত্ৰটোৱে প্ৰকাশ কৰা মতে, এই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এবছৰ সময়ৰ প্ৰয়োজন হ’ব। ইপিনে, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকাগৰাকীয়ে কয় যে ছমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ’ব। তেওঁ কয় যে গোটেই কাৰিকৰী কামখিনি গড়কাপ্টানি বিভাগে চোৱাচিতা কৰি আছে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটক, চলচ্চিত্ৰ প্ৰদৰ্শন, গীত, নাট্য তথা অন্যান্য সভা আদি অনুষ্ঠিত কৰি অহা ৰবীন্দ্ৰ ভৱনত ভৱনৰ মেৰামতি তথা উন্নয়নৰ কাম চলি থকাৰ বাবে শিল্পী তথা অনুষ্ঠানসমূহ সমস্যাত পৰিছে।

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd