DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৭ মে’ৰ শুনানি : জাবৰৰ পাচিলৈ তেজৰ বোলেৰে লিখা খিলঞ্জীয়াৰ স্মাৰক পত্ৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 11:15 pm
jpc in guwahati
127
VIEWS
Share on FacebookShare on Twitter

জাবৰৰ পাচিত পৰিব নেকি হিন্দু বাংলাদেশীৰ বিৰোধিতাৰে তেজৰ বোলেৰে লিখা অসমীয়া ডেকাৰ স্মাৰক পত্ৰ? ৭ মে’ত গুৱাহাটীৰ যুটীয়া সংসদীয় সমিতি ( JPC )ৰ শুনানিত সাক্ষ্য দিবলৈ ওলাই অহা হাজাৰ-হাজাৰ খিলঞ্জীয়া লোকৰ স্মাৰক পত্ৰৰ বিপৰীতে প্ৰদান কৰা হোৱা নাছিল কোনো ‘ৰিচিত’ বা সাক্ষ্যদানৰ ‘প্ৰমাণ’!

নামৰূপৰ পৰা অহা এসময়ৰ অসম আন্দোলনৰ কৰ্মী মাধৱ বৈশ্য আৰু জিয়াউৰ ৰহমানে বিধেয়কখনৰ বিৰোধিতাৰে সংসদীয় সমিতিক  ৭ মে’ৰ শুনানিত তেজৰ বোলেৰে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ দাখিল কৰিছিল। ৭ মে’ত যেন পুনৰাবৃত্তি ঘটিছিল ১৯৮০ চনৰ ২৩ এপ্ৰিলত গুৱাহাটীৰ চানমাৰিৰ ৰাজপথত অসম আন্দোলনকাৰী ছাত্ৰ সন্থা কৰ্মী দুলাল শৰ্মাই ‘তেজ দিম, তেল নিদিওঁ’ বুলি সৃষ্টি কৰা অসম আন্দোলনৰ ইতিহাসৰ।

পিছে এতিয়া স্মাৰক পত্ৰ দানৰ কোনো প্ৰমাণ নথকাৰ ফলত শুনানিত সাক্ষ্যদানকাৰী একাংশৰ মাজতে সন্দেহ উপজিছে ৭ মে’ত প্ৰদান কৰা স্মাৰক পত্ৰসমূহৰ কিবা মূল্য থাকিবগৈনে? হিল-দ’ল ভাঙি ওলাই আহি প্ৰদান কৰা ‘হাজাৰ’ স্মাৰক পত্ৰ যদি গৈ ‘শ’ হয়গৈ বুলিও বহুজনে সন্দেহ প্ৰকাশ কৰিছে।

এজন সাক্ষ্যদাতাই জনোৱা মতে দল-সংগঠন আৰু বিশিষ্ট লোকৰ স্মাৰক পত্ৰ সভাকক্ষত লোৱা হৈছিল আৰু তাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰা হৈছিল, কিন্তু বিপৰীতে ‘সাধাৰণ খিলঞ্জীয়া’ই সাৰি পাতি জমা দিছিল ইখনৰ পিছত সিখন স্মাৰক পত্ৰ।

উল্লেখযোগ্য যে ‘ধৰ্মৰ ভিত্তিত কিয় নাগৰিকত্ব দিব নোৱাৰি’ বুলি স্বয়ং যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই কৰা মন্তব্যৰ পিছত অধ্যক্ষৰ ভূমিকা তথা নিৰপেক্ষতাক লৈয়ে অসমৰ একাংশ দল-সংগঠনেই সন্দেহ প্ৰকাশ কৰিছিল।

তাৰোপৰি খিলঞ্জীয়াৰ ব্যাপক বিৰোধিতাৰ পিছতো কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা স্বয়ং বিজেপি চৰকাৰ আৰু দলে বিধেয়কখনৰ সমৰ্থন কৰিবলৈ এৰা নাই।

গুৱাহাটীত ৰাতি ১০ বজালৈকে সাক্ষ্য গ্ৰহণ কৰাৰ পিছতো সাক্ষ্যদানকাৰী বাকী থাকি যোৱাত ব্যাপক প্ৰতিবাদত সেও মানি অসমত পুনৰ শুনানি লোৱা হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছিল অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালা।

পূৰ্বে কেৱল আগতীয়াকৈ নাম পঞ্জীয়ন কৰাসকলৰহে সাক্ষ্য লোৱা হ’ব বুলি ঘোষণা কৰা হৈছিল যদিও হিল-দ’ল ভাঙি ওলাই অহা অসমবাসীৰ জনজাগৰণৰ ৰূপ দেখি সমিতিয়ে সকলোৰে সাক্ষ্য গ্ৰহণ কৰাৰ ব্যৱস্থা কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd