• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহাৰ টোলগেট পুনৰ মুকলি কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ

মিণ্টু দাস by মিণ্টু দাস
June 25, 2018 2:30 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি পথ যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈয়ে চৰকাৰে নগাঁও জিলাৰ ৰহাত ৰাজপথেদি চলাচল কৰা যান- বাহনৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ টোলগেটত চূন-তেল সানি সাজু কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ নামৰ সংগঠনটোৱে ৰহাৰ টোলগেটত কৰ সংগ্ৰহৰ কাম আৰম্ভ নকৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে তাৰ বিপৰীতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ ভাবুকি দিছে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুকুল বৰা আৰু সাধাৰণ সম্পাদক উৎপল বৰুৱাই  সংবাদ মাধ্যমক জনোৱা মতে চৰকাৰে এই টোলগেটটো পৰিচালনাৰ দায়িত্ব এটা বহি:ৰাজ্যৰ প্ৰতিষ্ঠানক দি টোলগেটটো মুকলি কৰিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে।

Apply Now

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা ফ’ৰলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা এই টোলগেটটো মুকলি কৰি দিবৰ বাবে সময়ে সময়ে চৰকাৰে চেষ্টা চলাই আহিছে যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি, কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ আদি সংগঠনে প্ৰতিবাদ কৰাত এই কাৰ্যত সফল হোৱা নাছিল চৰকাৰ। কিন্তু শেহতীয়াকৈ পুনৰ এই টোলগেটটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে।

ইতিমধ্যে কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে নগাঁও জিলাৰ উপায়ুক্তক এই সম্পৰ্কত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে।কৃষক শ্ৰমিক উন্নয়ণ পৰিষদৰ নেতৃদ্বয়ে জনোৱা মতে ৰহাৰ ৰণথলীৰ টোলগেটেৰে উজনি- নামনিৰ পাহাৰীয়া জিলা কেইখনৰ লগতে বহি:ৰাজ্যলৈও দৈনিক শ-শ যান বাহন চলাচল কৰে। কিন্তু যাতায়াতৰ সকলো সুবিধা উপলব্ধ হ’ব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশৰে নিৰ্মাণকাৰ্য আৰু অন্য সা-সুবিধা বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই।  বিশেষকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়াগাঁৱৰ পৰা ৰঙাগড়া পৰ্যন্ত এই অংশৰ নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই।

অতি লেহেমীয়া গতিত চলা এই অংশৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা অংশতো বাৰিষা জমা হোৱা পানী উলিয়াই দিব পৰাকৈ কোনো নলা-নৰ্দমাৰ কাম বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই। যাৰ ফলত উক্ত ৰাষ্ট্ৰীয় ঘাইপথটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক। সেয়েহে উক্ত টোলগেটটো মুকলি হ’লে ব্যাপক কৰৰ বোজা ৰাইজে মূৰ পাতি ল’বলগীয়া হ’ব। টোলগেটটোৰে পাৰ হোৱা প্ৰত্যেকখন অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান-বাহনে অত্যধিক কৰ আদায় দিবলগীয়া হ’লে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আশংকা আছে।

সংগঠনটোৰ নেতাদ্বয়ে এই প্ৰসংগত কয়— ‘আমি জিলা উপায়ুক্তৰ জৰিয়তে টোলগেটটো মুকলি নকৰিবলৈ চৰকাৰক আহ্বান জনাইছো।অন্যথা কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে তাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd