DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত নহয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ বাসগৃহত যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2018 9:36 pm
যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ
81
VIEWS
Share on FacebookShare on Twitter

বহুদিনৰ পৰা কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্ৰী ৰাজনীতিৰ আজি সত্য সত্যতা প্ৰমাণিত হ’ল। দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইনৰ প্ৰাৰ্থীয়েই জয়ী হ’ব বুলি একাংশই ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্তৱ্য প্ৰকাশ কৰি আহিছিল।

এনে পৰিপ্ৰেক্ষিতত আজি ৰকিবুল হুছেইনে সমৰ্থন জনোৱা প্ৰাৰ্থী বিজয়ী হোৱা প্ৰসংগটোৱে বিশেষ তাৎপর্য্য বহন কৰিছে।

উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছ মুহূৰ্ততে কংগ্ৰেছৰ ৰাজীৱ ভৱন ত্যাগ কৰি সভাপতি পদত বিজয়ী প্ৰাৰ্থী কামৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক অভিজিৎ বৰা আৰু তেওঁলোকৰ সমৰ্থকসকলে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দি এক ৰেলী উলিয়ায়।ৰেলীৰ অন্তত তেওঁলোকে ছয়মাইলস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহত বিজয় উৎসৱ পালন কৰে।

আনহাতে, নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব নোৱাৰি মৃণাল হাজৰিকাই নেতাসকলক আকৃষ্ট কৰিব নোৱাৰাৰ বাবেই তেওঁ জয়ী হ’ব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

তেওঁ লগতে কয়, ‘কংগ্ৰেছ এটা বৃহৎ দল, তাত নেতাৰ মতেই যিকোনো কাম হ’ব লাগিব। নেতাৰ হুইপটো বহু ঠাইত চলিছে। বহু ভোট পালোহেঁতেন কিন্তু নেতাৰ হুইপত মই ধূলিসাৎ হৈ গ’লো। ১২৬ টা সমষ্টিত এজন প্ৰাৰ্থী অকলে ঘূৰাটো সম্ভৱ নহয়। তথাপি যিমানখিনি ভোট পালো সেয়া নিজৰ ফালৰ পৰা পাইছো। মুঠতে ভোটাৰক আকৃষ্ট কৰিব পাৰিলো, কিন্তু নেতাক আকৃষ্ট কৰিব নোৱাৰা বাবে সভাপতি পদত হাৰিলো।‘

তেওঁৰ এই মন্তৱ্যৰ পৰা অনুমান কৰিব পাৰি যে কংগ্ৰেছত সকলো জ্যেষ্ঠ নেতাৰ একো একোটা লবীৰ সৃষ্টি হৈছে, যি লবীৰ ছত্ৰছায়াত তথা পৃষ্ঠপোষকতাত যুৱ কংগ্ৰেছৰ নিৰ্বাচনত প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

এক গোপন সুত্ৰৰ পৰা জানিব পৰা মতে যুৱ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সমৰ্থন কৰা প্ৰাৰ্থী আছিল। কিন্তু তেওঁ মাত্ৰ ৭৭৩৫ টা ভোট লাভ কৰিবলৈহে সক্ষম হ’ল। তাৰ বিপৰীতে ৰকিবুল হুছেইন সমৰ্থিত কামৰুল ইছলাম চৌধুৰীয়ে ১৩৫০৪ টা ভোট লাভ কৰি সভাপতিৰ পদ অধিষ্ঠিত কৰিবলৈ সক্ষম হয়।

আনহাতে, কামৰুলতকৈ প্ৰায় ৩ হাজাৰ ভোট কমকৈ লাভ কৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমক কয়, ‘জয়ী হোৱা প্ৰাৰ্থীক কিছুমান নেতাই বিভিন্ন ধৰণে উৎসাহ যোগাইছে, হস্তক্ষেপো কৰিছে। ধনবল, বাহুবলো প্ৰয়োগ কৰিছে কিছুসংখ্যকে। কিছুমান ব্লকত মোক প্ৰচাৰ চলোৱাতো বাধা আৰোপ কৰিছিল।‘

আনহাতে কামৰুল ইছলাম সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা ছচিয়েল মিডিয়াত একাংশই কংগ্ৰেছত ৰকিবুল হুছেইনৰ ৰাজত্ব আৰম্ভ হোৱা বুলিও মতামত প্ৰকাশ কৰিছে।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd