• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ : বৰ্ষপূৰ্তি উদযাপনৰ বাবে উৎসাহ নাই চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2018 10:52 am

2 min read

sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ফাইল ফটো

84
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি ২৪ মে’ত দুবছৰ সম্পূৰ্ণ কৰিব।  চৰকাৰৰ এই দুবছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত চৰকাৰীভাৱে কোনো উৎসৱ উদযাপনৰ পৰিৱেশ সৃষ্টি হোৱা নাই।

চৰকাৰে মাত্ৰ নিৰ্দিষ্ট কেইটামান বিভাগৰ দুবছৰীয়া কাম-কাজৰ সম্পৰ্কীয় বিজ্ঞাপন দিয়েই বিষয়টো সামৰিব খুজিছে।

বিগত ২০১৬ চনৰ ২৪ মে’ত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণৰ পিছৰপৰাই চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাইজৰ আস্থা অৰ্জনৰ পথত বহু পৰিমানে সফলো হৈছিল।

ইয়াৰ পিছতে জি এছ টি বলৱৎ হোৱাৰ পিছত চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় যদিও সামগ্ৰিকভাৱে ইতিবাচক পৰিৱেশ এটা সৃষ্টি হৈছিল।

কিন্তু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিধেয়ক উত্থাপন কৰি আইন সংশোধন কৰিবলৈ লোৱা কাৰ্যৰে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে কংগ্ৰেছৰ দৰেই বিদেশী ‘ভোট বেংক’ সৃষ্টিত গুৰুত্ব দিয়াত অসমৰ জনসাধাৰণে চৰকাৰখনৰ প্ৰতি বিদ্ৰোহী হৈ উঠা দেখা গৈছে।

বৰ্তমান এই  বিষয়টোক লৈ ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিবাদ অব্যাহত থকাত চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ উৎসাহ নোহোৱা হৈছে। সেয়েহে ৰাজ্য চৰকাৰে বৰ্ষপূৰ্তি উদযাপনৰ বাবে কোনো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা নাই।

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ দুবছৰ হোৱা উপলক্ষে এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া এই সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক, এপিএছচিৰ দুৰ্নীতিৰ তদন্তৰ লগতে উন্নয়নৰ দিশত চৰকাৰৰ কাৰ্যসূচীসমূহৰ বিষয়ে সোণোৱালে কেনেদৰে স্থিতি স্পষ্ট কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd