• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ৮ হাজাৰ কিঃ মিঃ নতুন গ্ৰাম্য পথ নিৰ্মাণৰ বাবে কেন্দ্ৰৰ অনুমোদন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 12, 2018 8:28 pm
Himanta_Tapan

গড়কাপ্তানী বিভাগৰ সংবাদমেলত বিভাগীয় কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, ১২ মে'ত, গুৱাহাটীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যবাসীৰ বাবে সুখবৰ যে ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ অধীনত থকা গ্ৰাম্য পথৰ মুঠ ৮ হাজাৰ কিলোমিটাৰ নতুনকৈ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত এই ৮ হাজাৰ কিঃ মিঃৰ নতুন পথ নিৰ্মানত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ নতুন কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে।

শনিবাৰে এক সংবাদমেলযোগে এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে মন্ত্ৰী দুজনে।

Apply Now

উল্লেখযোগ্য যে শনিবাৰে দিচপুৰৰ গড়কাপ্তানী বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত বিভাগটোৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। নতুনকৈ গড়কাপ্তানী বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী দুজনৰ এইখনেই হ’ল প্ৰথম সভা।

এই সভাতেই কেন্দ্ৰৰ পৰা পোৱা ধনৰ লগত ৰাজ্য চৰকাৰে আৰু ১২০০ কোটি টকা যোগ দি গ্ৰামাঞ্চলৰ ১৯০০০ কিঃ মিঃ পুৰণি পথ মেৰামতিৰ কাম কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। উলেখযোগ্য যে, অহা ছেপ্তেম্বৰ মাহৰ এক তাৰিখৰ পৰা এই পথসমূহৰ নিৰ্মাণ আৰু মাৰামতিৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ৰাজ্যৰ ১৪০০ খন কাঠৰ দলঙৰ প্ৰথম পৰ্যায়ত ৭০০খন দলং পকীকৰণৰ কথাও এই সভাত আলোচিত হয়।গড়কাপ্তানী বিভাগৰ মানৱ শক্তি আৰু ধনৰ অভাৱ দূৰ কৰাৰ লগতে প্ৰায় ৩০০জন নতুন অভিযন্তা নিযুক্তি দিয়াৰ প্ৰসংগও শনিবাৰৰ সভাত আলোচনা হয় বুলি সংবাদমেলত মন্ত্ৰী দুজনে জানিবলৈ দিয়ে।

আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্বই জনায় যে নতুন দিল্লীৰ অসম ভৱনৰ নিৰ্মীয়মাণ ভৱনৰ কাম সোনকালে শেষ কৰাৰ লগতে চেন্নাই আৰু ভেল্লোৰতো অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাই সভাত স্থান পায়। ইয়াৰ উপৰি তেওঁ গুৱাহাটীত তিনিখন নতুন ফ্লাই অ’ভাৰ ক্ৰমে দিচপুৰ ছুপাৰমাৰ্কেট, জনতা ভৱনৰ সমীপৰ পৰা ৰাধা গোবিন্দ বৰুৱা পথ আৰু ফটাশিল আমবাৰীত নিৰ্মাণ কৰাৰ কথা  জনায়।

ইপিনে, গড়কাপ্তানী বিভাগৰ কামৰ বাবে শিল-বালিৰ নাটনিৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই কয় যে, নতুনকৈ নিৰ্মাণ আৰু মেৰামতি কৰিবলগীয়া বহু গ্ৰাম্য পথত Pavers block (ইটাৰ দৰে ব্লকবোৰ) ব্যৱহাৰ কৰা  হ’ব আৰু তাৰ ফলত বনজ সম্পদৰ ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস পাব।

উল্লেখযোগ্য যে নতুন বিভাগ এটা হাতত লৈয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ পৰা বিভাগলৈ বৃহৎ পুঁজি আনিব পৰাটোক মন্ত্ৰীজনৰ কৃতিত্ব বুলি একাংশই কোৱাৰ বিপৰীতে একাংশই মন্ত্ৰী শৰ্মাৰ কেন্দ্ৰৰ নেতাসকলৰ সৈতে সুসম্পৰ্ক থকা বাবেই এয়া সম্ভৱ বুলি কয়। অৱশ্যে সাংবাদিকে এই শিতানত কেন্দ্ৰই দিয়া ধনৰ পৰিমাণৰ কথা সোধাত পৰিমাণটো এতিয়ালৈকে গম পোৱা নাই বুলি কয়।

মন কৰিব লগীয়া কথাটো হ’ল যে বিভাগটোৰ পূৰ্বৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দিনত ৰাস্তা-ঘাটৰ বিশেষ একো উন্নতি হোৱা নাছিল। কিন্তু ড০ হিমন্ত বিশ্ব মন্ত্ৰী হৈয়ে বিভাগটোলৈ বৃহৎ কেন্দ্ৰীয় অনুদান অনাটোত ৰহস্যৰো গোন্ধ পাইছে ৰাজনৈতিক মহলে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd