• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ জাতীয় স্বাৰ্থত আছুকে ধৰি অসমৰ সমূহ জাতীয় সংগঠন এক হ’ব লাগিব : অৰূপ বৰবৰা

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 26, 2018 7:46 pm

3 min read

Protest against citizenship bill
152
VIEWS
Share on FacebookShare on Twitter

নাগিৰকত্ব সংশোধনী বিধেয়ক, ২০১৬ যিকোনো বিনিময়ৰ মূল্যত অসমত প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব। এই বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়িবলৈ অসমৰ সকলো জাতীয় সংগঠন, বুদ্ধিজীৱী আৰু ৰাইজে সন্মিলিত ভাবে প্ৰচেষ্টা চলাব লাগিব এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ।

বিশ্বনাথ চাৰিআলিৰ বিনাপাণি নাট্যসমাজ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলি, বিহালী,হেলেম,গহপুৰ প্ৰেছক্লাৱৰ সহযোগত আজি  অনুষ্ঠিত এক বৃহৎ নাগৰিক সভাত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

এইক্ষেত্ৰত জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ৰাজ্যখনৰ জাতীয় স্বাৰ্থত আছুকে ধৰি অসমৰ জাতীয় সংগঠন সমূহে পৃথকে পৃথকে আন্দোলনমুখী নহৈ সন্মিলিত ভাৱে ৰাজপথলৈ ওলাই অহা আহিব লাগিব বুলি কয়।

বিশ্বনাথ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মুখ্য অতিথি বৰবৰাই কয়, ‘অসমত সম্প্ৰতি অসমীয়া ভাষা কোৱা মানুহ কমি গৈ ৪৯% হৈছেগৈ। সেইবুলি হিন্দু বাংলাদেশী অসমলৈ আমদানি কৰি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বহোৱা জাতিধ্বংসী সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ’ব।’

যুটীয়া সংসদীয় কমিটিৰ শেহতীয়া অসম ভ্ৰমণ সম্পৰ্কত তেওঁৰ মন্তব্য – এই আইনখন কোনো কাৰণতে বলবৎ হ’বলৈ দিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ মৰ্যাদা দিয়া হ’ল যদিও আইনখন সম্পৰ্কত তেওঁ নিশ্চুপ হৈ থকাটো অতি পৰিতাপৰ কথা। তেওঁ অসমৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিল সম্পৰ্কত মুখ্য মন্ত্ৰীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

আনহাতে বাংলাদেশত থকা হিন্দুসকল নিগৃহিত হোৱা বুলি আৰ এছ এছে অপপ্ৰচাৰ চলাই আহিছে বুলি উল্লেখ কৰি আৰ আৰ এছৰ নেতা ৰামমাধৱৰ লগতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিলাদিত্য, ৰাজেন গোহাঁই, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত দাস আদিৰ হাতত এইসম্পৰ্কে কিবা তথ্য আছে নেকি বুলিও প্ৰশ্ন কৰে।

বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাই আঁত ধৰা আৰু সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক ৰতন ভূঞাই  উদ্দেশ্য বাখ্যা কৰা সভাখন উদ্ধোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথে।

উদ্ধোধনী ভাষণত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত অগপক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়, অন্যথা অসম আন্দোলনৰ মাজেদি অহা এই দলটোক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালকো নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

সভাৰ আদৰণি ভাষণ দিয়ে প্ৰেছ ক্লাৱৰ সম্পাদক বসন্ত বৰাই। প্ৰায় সাত শতাধিক লোক উপস্থিতিত থকা এই বিশাল নাগৰিক সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশিষ্ট সাংবাদিক অঞ্জন গোস্বামী, আনোৱাৰ আহমেদ, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা, প্ৰাক্তন পৌৰপতি দিলীপ বৰুৱা, জমিৰ আহমেদ, ধ্ৰুৱজ্যোতি ৰাজখোৱা, খেমৰাজ নেপাল, দীপক দাস, ধনেশ্বৰ বৰা, তৰুণ শইকীয়া, প্ৰিয়ৰাম ভৰালী, দীপক শৰ্মা, দিগন্ত দাস, ভুৱন শইকীয়া, ভাস্কৰজ্যোতি ভূঞা, ভগৱান বৈশ্য, অপূৰ্ব দাসকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত আছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd