• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভাৰতৰ এটা অভ্যন্তৰীণ বিষয় : বাংলাদেশী উচ্চায়ুক্ত

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
July 24, 2018 2:43 pm
Bangladesh-High-Commissioner-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিয়োজিত বাংলাদেশী উচ্চায়ুক্ত ছয়িদ মুৱাজ্জিম আলীয়ে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়টো এটা দ্বিপাক্ষিক আলোচনাৰ বিষয়বস্তু নহয়, বৰং ই ভাৰতৰ এটা অভ্যন্তৰীণ বিষয়।

এখন স্থানীয় (কলকাতা) হোটেলত অনুষ্ঠিত ‘এখন ন্যূনতম বিকশিত দেশৰ পৰা বাংলাদেশৰ উত্তৰণ’ বিষয়ৰ এখন আলোচনাত অংশগ্ৰহণ কৰা বাংলাদেশী উচ্চায়ুক্তগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়। তেওঁ কয় যে ভাৰতে বাংলাদেশৰ সন্মুখত এই বিষয়ৰ ওপৰত কোনো প্ৰশ্নৰ অৱতাৰণা কৰা নাই।

Apply Now

অসমৰ পৰা অবৈধ নাগৰিকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ সম্ভৱনা সম্পৰ্কে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত আলীয়ে কয়, ‘‘মই ভাৰতত বাংলাদেশক প্ৰতিনিধিত্ব কৰোঁ, আৰু মই এই বিষয়টো সম্পৰ্কে আপোনালোকৰ সংবাদপত্ৰত পঢ়িছোঁ। কিন্তু দিল্লীয়ে এই বিষয়টো আমাৰ ওচৰত উত্থাপন কৰা নাই, গতিকে আমাৰ ইয়াত জড়িত হোৱাৰো কোনো সকাম নাই।’’

আৰু এটা প্ৰশ্ন আগবঢ়াই দিয়াৰ পাছত আলীয়ে সাংবাদিকক কয়, ‘‘ভাৰতে জানে যে ১৯৭১ৰ মুক্তিযুদ্ধৰ মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত এখন সুস্থিৰ, শক্তিশালী আৰু বিকাশশীল বাংলাদেশে ইয়াৰ (ভাৰতৰ)নিজস্ব উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ দিশটো নিশ্চিত কৰিব।’’

তেওঁ আৰু জোৰ দিয় কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ শক্তিশালী স্থিতি আৰু ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব পৰা কোনো কাম-কাজৰ বাবে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰাটো ৰোধ কৰাৰ বাবে কৰি অহা প্ৰচেষ্টাক ভাৰত চৰকাৰে মূল্য দিছে।

তেওঁ কয় যে এয়া হৈছে এটা ‘গেম চেঞ্জাৰ’ আৰু ভাৰতে এইটো ভালদৰে জানে।এইটোৱেই একমাত্ৰ কাৰক যিটোৱে দুয়ো দেশৰ মাজত সম্পূৰ্ণ বিশ্বাসৰ সম্পৰ্ক সম্পৰ্ক স্থাপন কৰিছে।

তেওঁ আৰু কয়, যে ভাৰতক দেশখনৰ লুকইষ্ট (Look East) নীতি কৃতকাৰ্য হোৱাত সহায় কৰাৰ সিদ্ধান্তত বাংলাদেশ অটল, কাৰণ ইয়াত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ মাজেৰে সংযোগ স্থাপন কৰাটো হৈছে প্ৰধান বিষয়।

‘‘ইয়াত দুয়োখন দেশেই লাভান্বিত হ’ব। আমি আমাৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় শক্তিৰ বাবে ভাৰতৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল, ভাৰতে দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে আমাৰ ওপৰত নিৰ্ভৰশীল।

বাংলাদেশৰ বিস্ময়কৰ বিকাশৰ কাহিনীয়ে ভাৰতত আৰু বিশেষকৈ দেশখনৰ (বাংলাদেশৰ) সীমান্তত অৱস্থিত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত বিস্তাৰ কৰা ব্যাপক প্ৰভাৱৰ প্ৰসংগও টানি আনে।

‘‘আমেৰিকাৰ ক্ষেত্ৰত চীনৰ পাছতে কানাডা আৰু মেক্সিকো হৈছে দ্বিতীয় আৰু তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ। গতিকে বিশ্বৰ ১১খন দ্ৰুত অৰ্থনৈতিকভাৱে বিকাশশীল ৰাষ্ট্ৰ বাংলাদেশ ভাৰতৰ আগশাৰীৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ এখন হ’ব নোৱাৰিব কিয়?’’ বাংলাদেশৰ বিশেষ প্ৰতিনিধিগৰাকীয়ে যুক্তি দৰ্শায়।

আলীয়ে জোৰ দি কয় যে বাংলাদেশ অৰ্থনৈতিক বিকাশ আৰু মানৱ বিকাশৰ ক্ষেত্ৰত মনোযোগী আৰু এটা সৰ্বাত্মক বিকাশৰ আদৰ্শক আগবঢ়াই নিয়াৰ বাবে দেশখনে অমৰ্ত্য সেনৰ দৰে অতি বিশিষ্ট অৰ্থনীতিবিদৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁ কৈছে, ‘‘আমি দেশ বিভাজনৰ টালি-টোপোলা এৰি থৈ আহি আৰু মুক্তিযুদ্ধৰ গৌৰৱময় উদ্যমেৰে ভাৰতৰ সৈতে যুক্ত হৈ একেলগে বিকাশ লাভ কৰিব বিচাৰোঁ। তেওঁ আৰু কয় যে আলোচনাৰ মাজেৰে বিবাদমান বিষয়সমূহ বাচি উলিয়াব পাৰি।

উল্লেখ্য যে আলীৰ ভাষণৰ পূৰ্বে এগৰাকী তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীয়ে কৈছিল যে বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচনত শ্বেইখ হাছিনাই জয়লাভ কৰিব।

পশ্চিম বংগৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সাধন পাণ্ডেই কৈছিল, ‘‘শ্বেইখ হাছিনা হৈছে এগৰাকী মহান নেত্ৰী। এনে কোনো আঞ্চলিক সমস্যা নাই, যি তেখেত আৰু আমাৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সমাধান কৰিব নোৱাৰে।’’

উল্লেখ্য যে বাংলাদেশৰ সৈতে তিস্তাৰ জল বিনিময় বিষয়টো সমাধানৰ ক্ষেত্ৰত  মমতা বেনাৰ্জী এটা প্ৰতিবন্ধক হিচাপে ঠিয় দি আছে।

সুবীৰ ভৌমিক

সুবীৰ ভৌমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd