• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ মতে উত্তৰ-পূৰ্বাঞ্চলৰ বাঘৰ একক জীনীয় সংৰচনা বিদ্যমান

NE NOW NEWS বিজয়ানন্দ চৌধুৰী
গুৱাহাটী , July 30, 2018 11:26 pm

3 min read

Tiger Day20
483
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাৰ্ষ্ট্ৰীয় উদ্যানক অসম আৰু উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰতো বাঘৰ উৎস জনসংখ্যাৰ ক্ষেত্ৰ হিচাপে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’গৰাকীৰ মতে ৰাষ্ট্ৰীয় উদ্যানখনত ১০৪টা বাঘ আছে। কিন্তু কাৰ্বি আংলং পাহাৰত চলি থকা ব্যাপক খনন, শিলৰ কোৱেৰী আদিয়ে কাজিৰঙাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে।

আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উপলক্ষে ‘বাঘ্ৰ পৰিসৰ দেশসমূহ’ৰ (Tiger Range Countries) ‘ছেইণ্ট পিটাৰ্ছবাৰ্গ ঘোষণাপত্ৰ’ৰ (St Petersburg declaration) সঁচা উদ্যমেৰে অসমত সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰাটো বন্যপ্ৰাণী অনুৰাগীসকলে আশা কৰে।

২০১০ চনত বাংলাদেশ, ভুটান, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ৰাছিয়া, থাইলেণ্ড আৰু ভিয়েটনামকে ধৰি ব্যাঘ্ৰ পৰিসৰ দেশসমূহৰ চৰকাৰৰ মুৰব্বীসকলে ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত অগতাগতিক বিশ্ব ব্যাঘ্ৰ শীৰ্ষ সন্মিলনত একত্ৰিত হৈছিল।

এই শীৰ্ষ সন্মিলনত এটা তথ্যক স্বীকাৰ কৰা হৈছিল যে এছিয়াৰ এই ভয়াল-সুন্দৰ প্ৰাণীটো অৱলুপ্তিৰ পথলৈ গতি কৰি আছে আৰু বিগত শতিকাত ইয়াৰ জনসংখ্যা ১,০০,০০০ৰ পৰা ৩,৫০০ লৈকে অৱনমিত হৈছে। তাৰোপৰি, অকল বিগত দশকটোতেই বাঘৰ আৱাসভূমি ৪০ শতাংশ পৰ্যন্ত সংকুচিত হৈছে।

এই ঐতিহাসিক শীৰ্ষ সন্মিলনখনত ব্যাঘ্ৰ পৰিসৰ দেশসমূহৰ  চৰকাৰৰ মুৰব্বীসকলে দক্ষ ব্যৱস্থাপনা, বাঘৰ আৱাসৰ সংৰক্ষণ, চোৰাং চিকাৰ ৰোধৰ বাবে সহযোগিতাৰে কাম কৰা, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় লোকক জড়িত কৰা, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংস্থাৰ পৰা পুঁজি বিচৰা, ২৯ জুলাইক বিশ্ব ব্যাঘ্ৰ দিবস হিচাপে উদ্‌যাপন কৰা আদি পদক্ষেপৰ দ্বাৰা ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ কৰাৰ অংগীকাৰ লৈছিল।

‘সৰিস্কা ব্যাঘ্ৰ প্ৰকল্পৰ আশ্চৰ্যজনক অফলতা’ৰ (Sariska debacle) পৰৱৰ্তী সময়চোৱাত ভাৰতে দেশখনৰ ব্যাঘ্ৰ সংকটক বাঘ্ৰ সংৰক্ষণৰ অভূতপূৰ্ব সুযোগলৈকে সফলতাৰে পৰিৱৰ্তিত কৰিছে।

১৯৭০ চনৰ ব্যাঘ্ৰ প্ৰকল্পক (Project Tiger) ২০০৬ চনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণলৈ (National Tiger Conservation Authority চমুকৈ NTCA) পৰিৱৰ্তন কৰা হয়। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ হৈছে বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ৰ অন্তৰ্গত এটা বিধিসন্মত অনুষ্ঠান।

t2-300x200

বাঘৰ মৃত্যু, পুনঃসূচনা, মানুহৰ বাসভূমিলৈ ওলাই অহা বাঘ, কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা গাঁৱসমূহক স্বেচ্ছামূলকভাৱে অন্য স্থানত পুনঃসংস্থাপন, ‘ব্যাঘ্ৰ প্ৰকল্প’ নামৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৃষ্ঠপোষকতাত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ যথেষ্ট পুঁজিৰ যোগান ধৰা আদি বিষয় চম্ভালাৰ বাবে  ব্যঘ্ৰ সংৰক্ষণ পৰিকল্পনা, মানক পৰিচালন প্ৰক্ৰিয়া আৰু সৰ্বভাৰতীয় ভিত্তিত ৪ বছৰৰ মূৰত এবাৰ আৰু ৰাঘ্ৰ সংৰক্ষিত বনাঞ্চল পৰ্যায়ত বছৰত এবাৰ তীব্ৰ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ আদি পদক্ষেপেৰে সংস্থাটোৱে শেহতীয়া বছৰ কেইটাত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে বাঘ সংৰক্ষণৰ ক্ষেত্ৰখনত পেচাদাৰিত্ব আৰু কাৰিকৰী বিশেষজ্ঞসুলভ অভিজ্ঞতা লৈ আনিছে।

এই সকলো প্ৰযুক্তিগত আৰু পেছাদাৰী ব্যৱস্থাপনা নিৱেশে ৰাজকীয় চৰিত্ৰৰ জন্তু বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰি তুলিছে। ভৰতত বাঘৰ শেহতীয় গণনা অনুসৰি সাম্প্ৰতিক ভাৰতত ২২২৬টা বাঘ আছে আৰু এই সংখ্যা ভৱিষ্যতে বৃদ্ধ পোৱাৰ আশা আছে।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ বৈজ্ঞানিক হস্তক্ষেপে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাঘক জীনীয় সংযুক্তিৰ ফালৰ পৰা এটা সুকীয়া চৰিত্ৰ প্ৰদান কৰিছে। এই বাঘৰ সুকীয়া প্ৰকাৰটোক সংৰক্ষণ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিশ্ৰুতিবদ্ধ।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd